সমাজকৰ্মী মনোৰঞ্জন নাথৰ দেহাৱসান

সমাজকৰ্মী মনোৰঞ্জন নাথৰ দেহাৱসান

author-image
Asomiya Pratidin
New Update
 সমাজকৰ্মী মনোৰঞ্জন নাথৰ দেহাৱসান

ডিজিটেল সংবাদ, বেবেজীয়া: নগাঁও জিলা অন্যান্য পিছপৰা শ্ৰেণী সন্মিলনীৰ সম্পাদক তথা সৰবৰহী ব্যক্তি মনোৰঞ্জন নাথ( মিলন) ৰ সোমবাৰে পুৱতি নিশা ৩.৩০ বজাত নগাঁও চহৰৰ হয়বৰগাৱৰ নিজা বাসভৱনত মৃত্যু হয়। ১৯৬০ চনৰ ১৭ অক্টোবৰত ৰহাৰ মধ্য দীঘলদৰিত জন্ম হোৱা নাথে দীঘলদৰিত প্ৰাথমিক শিক্ষা, ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ নগাঁৱৰ এ ডি পি কলেজৰ পৰা ১৯৮৬ চনত স্নাতক ডিগ্ৰী লাভ কৰে।

Advertisment

অসম আন্দোলনত এগৰাকী সক্ৰিয় কৰ্মী হিচাপে অংশগ্ৰহণ কৰা মনোৰঞ্জন নাথে বিভিন্ন বিভাগৰ ঠিকাদাৰ ৰূপে কৰ্মজীৱন আৰম্ভ কৰে। নগাঁৱৰ হয়বৰগাৱত বসতি আৰম্ভ কৰা নাথে বিভিন্ন ধৰ্মীয় আৰু সামাজিক কামত জড়িত হৈ পৰে । দক্ষিণ হয়বৰগাৱত ( আইন মহাবিদ্যালয়ৰ কাষত )নামঘৰ পৰিচালনা সমিতিৰ সম্পাদকৰ লগতে সমাজৰ পাঠেক হিচাপে সেৱা আগবঢ়াইছিল।

২০২১ চনত নগাঁও জিলা অন্যান্য পিছপৰা শ্ৰেণী সন্মিলনৰ সম্পাদক হিচাপে নিৰ্বাচিত হৈ তিনি বছৰে মৃত্যুৰ সময়লৈকে কাৰ্যনিবাহ কৰিছিল । দুইবছৰৰ আগতে শৰীৰত জটিল ৰোগত আক্ৰান্ত হোৱাৰ পাছতো মনত জোৰতে সামাজিক কামত আত্মনিয়োগ কৰি শৰীৰৰ যন্ত্ৰনা একাষৰীয়া কৰি কাম কৰিছিল।

যোৱা নিশা ৩.৩০ বজাত চিকিৎসাধীন অৱস্থাতে হয়বৰগাৱৰ নিজা বাসভৱনত মৃত্যুক সাবতি লয় । মৃত্যুৰ সময়ত পত্নী , এক পুত্ৰ, এজনী জীয়ৰী সহ ভাই - ককাই, বাই- ভনীৰ লগতে বহু আত্মীয় স্বজনক ইহ সংসাৰত এৰি যায় । আজি পুৱা বহু গুণমুগ্ধ, আত্মীয় স্বজনৰ উপস্থিতিত নগাঁৱৰ মধুপুৰ শ্মাশনত শেষকৃত্য সম্পন্ন কৰা হয়।

Also Read: বিতৰ্কৰ অন্ত! ঘোষণা হ'ল মধ্যপ্ৰদেশৰ নতুন মুখ্যমন্ত্ৰীৰ নাম