/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/cd1c085b-6429-4992-85ba-5eec03edf1b9/boko.jpg)
man rescue boko
ডিজিটেল সংবাদ,ছমৰীয়া-: কামৰূপ জিলাৰ বকোৰ শিংৰা শালনিত দেওবাৰে নিচাগ্ৰস্ত অৱস্থাত এজন লোক উদ্ধাৰ।প্ৰাপ্ত খবৰ অনুসৰি শিংৰা ৰাংচিপাৰা শালনিৰ প্ৰায় ২ কি মি ভিতৰত নিচাসক্ত পেলাই থৈ যায় লোকজনক।
পিছত স্থানীয় লোকে বকো আৰক্ষীক খবৰ দিয়াত বকো আৰক্ষীয়ে লোক জনক উদ্ধাৰ কৰি চিকিৎসাৰ বাবে বকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰে।যুৱকজনক নিচাজাতীয় দ্ৰব্য সেৱন কৰাই ধন, সম্পদ লুট কৰাৰ সন্দেহ প্ৰকাশ কৰা হৈছে।
যুৱকজনৰ লগত থকা নথিত পোৱা তথ্য অনুসৰি লোকজনৰ নাম তফিজুদ্দিন।ঘৰ ধুবুৰী জিলাৰ ফকিৰগঞ্জ থানাৰ অন্তৰ্গত ছটকলিজা গাওঁৰ বুলি জানিব পৰা গৈছে।উল্লেখ্য যে বৰ্তমানলৈ যুৱকজনৰ লগত পৰিয়ালৰ লোকৰ কোনো ফোন নম্বৰ নোপোৱাৰ বাবে পৰিয়ালক অৱগত কৰাব পৰা নাই বকো আৰক্ষীয়ে।