৬ বছৰ ধৰি নিৰুদ্দেশ কিৰণ হাতীমূৰীয়া, চিন্তিত পৰিয়াল

৬ বছৰ ধৰি নিৰুদ্দেশ কিৰণ হাতীমূৰীয়া, চিন্তিত পৰিয়াল

author-image
asomiyapratidin
New Update
৬ বছৰ ধৰি নিৰুদ্দেশ কিৰণ হাতীমূৰীয়া, চিন্তিত পৰিয়াল

ডিজিটেল সংবাদ, জোনাই : ধেমাজি জিলাৰ জোনাই মহকুমাৰ টাৰি মাজ গাঁৱৰ নিবাসী কিৰণ হাতীমূৰীয়া গগৈ (৪৪) ছবছৰে নিৰুদ্দেশ হৈ আছে। পিতৃক বিচাৰি পুত্ৰ-কন্যাই বিগত ছবছৰে চকুলো টুকিছে।

Advertisment

নিৰুদিষ্ট কিৰণ হাতীমূৰীয়া গগৈৰ যুৱ পুত্ৰ বিতুল গগৈয়ে জানিব দিয়া মতে যোৱা ২০১৬ চনৰ ১৫ ছেপ্টেম্বৰৰ পৰা তেওঁৰ পিতৃয়ে নিজ গৃহৰ পৰা নিৰুদ্দেশ হৈ পৰে। পুত্ৰ বিতুল গগৈয়ে পিছদিনা জোনাই থানাত পিতৃ কিৰণ হাতীমূৰীয়া গগৈৰ নিৰুদ্দেশ সম্পৰ্কে এজাহাৰ দাখিল কৰাৰ লগতে বিগত ছবছৰে পিতৃৰ সন্ধান অব্যাহত ৰাখিছে।

নিৰুদিষ্ট কিৰণ হাতীমূৰীয়া গগৈ আই ডব্লিউ টিৰ ডিব্ৰুগড়স্থিত কাৰ্যালয়ৰ অধীনত কৰ্মৰত আছিল। কিন্তু আজি প্ৰায় ছবছৰে পিতৃৰ সন্ধান নোপোৱাত বিতুল গগৈ (২২)য়ে একমাত্ৰ বিশ বছৰীয়া ভণ্টিক লগত লৈ কঠোৰ জীৱন সংগ্ৰাম কৰিব লগা হৈছে।

পুত্ৰ বিতুল গগৈ আৰু তেওঁৰ একমাত্ৰ ভন্টিয়ে আজিও তেওঁলোকৰ পিতৃ ঘৰলৈ ওভতি আহিব বুলি আশাৰে ৰৈ আছে। প্ৰায় 5 ফুট 3 ইঞ্চি ওখ আৰু বগা বৰণৰ পিতৃ কিৰণ হাতীমূৰীয়া গগৈৰ সন্দৰ্ভত কোনোবা সদাশয় ব্যক্তিয়ে সন্ধান পালে ওচৰৰ থানা বা বিতুল গগৈৰ 9394511838 ম'বাইল নম্বৰত যোগাযোগ কৰিবলৈ বিনয় অনুৰোধ জনাইছে।

আৰু পঢ়ক: মথুৰাপুৰ চাহ বাগিচাত শ্ৰমিকৰ প্ৰতিবাদ অব্যাহত

assam dhemaji jonai