/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/10/aimuhurto-khabar.jpg)
ডিজিটেল সংবাদ, বকো: কামৰূপৰ বকোত চলন্ত ৰে'লৰ পৰা পৰি এজন লোক গুৰুতৰ ভাবে আহত হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ ঘটনাৰ বিৱৰণ মতে বকো থানাৰ অন্তৰ্গত বকো ৰে'ল ষ্টেচনত বৃহস্পতিবাৰে ৰাতিপুৱা গুৱাহাটী-যোগীঘোপা অভিমুখী যাত্ৰীবাহী ৰে'ল এখনৰ পৰা কালু আলী(৩০ ) নামৰ লোকগৰাকীয়ে জপিয়াই দিয়ে ৷
ফলত কালু আলী চলন্ত ৰে'লখনৰ পৰা বাগৰি পৰে আৰু এখন ভৰিত গুৰুত্বৰ ভাবে আঘাত পায় । সম্পূৰ্ণ ৰে'লখন নৰখাওতে লোক জনে ট্ৰেনখনৰ পৰা জাপ দিয়াৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হয় বুলি প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়ে ৷
লোকজনৰ ঘৰ গুৱাহাটী মালিগাঁৱৰ বুলি জানিব পৰা গৈছে। আহত লোকগৰাকী উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে ।