শান্ত হাতী হৈ পৰিছে অশান্ত : লেটেকোজন চাহ বাগিচাৰ উদণ্ড যুৱকৰ অতপালি

কেতিয়াবা শিলগুটি নিক্ষেপ কৰিছে। কেতিয়াবা এচাৰিৰে কোবাইছে। কেতিয়াবা নেগুৰত ধৰিছে। কেতিয়াবা আকৌ শুৰত স্পৰ্শ কৰি মৃত্যুৰ সৈতে খেলা কৰিছে
শান্ত হাতী হৈ পৰিছে অশান্ত : লেটেকোজন চাহ বাগিচাৰ উদণ্ড যুৱকৰ অতপালি

ডিজিটেল সংবাদ,নুমলীগড় : চাহ বাগিচাত আশ্ৰয় লোৱা বনৰীয়া হাতীক কাষৰ পৰা জোকাই বন্যউল্লাস কৰিছে একাংশ উদণ্ড যুৱকে। কেতিয়াবা শিলগুটি নিক্ষেপ কৰিছে। কেতিয়াবা এচাৰিৰে কোবাইছে। কেতিয়াবা নেগুৰত ধৰিছে। কেতিয়াবা আকৌ শুৰত স্পৰ্শ কৰি মৃত্যুৰ সৈতে খেলা কৰিছে উদণ্ড যুৱকে।

গোলাঘাট বন সংণ্ডলৰ অধীনস্থ বকিয়াল খণ্ড বন কাৰ্যালয়ৰ অন্তৰ্গত লেটেকোজন চাহ বাগিচাত এতিয়া এনে দৃশ্য সুলভ হৈ পৰিছে। বৃহত্তৰ নুমলীগড় অঞ্চলত এনেবোৰ কৰ্ম-কাণ্ড দৈনিক দেখিবলৈ পোৱা যায় বুলি সচেতন মহলে উল্লেখ কৰিছে।

ইয়াৰ ফলত সম্প্ৰতি হাতী-মানুহৰ সংঘাত তুংগত উঠাৰ চৌদিশে চর্চা চলিছে। কিন্তু কানসাৰ নাই বন বিভাগৰ। যোৱা এক পষেক ধৰি এটা বন্যহস্তীৰ জাকে লেটেকোজন চাহ বাগিচাত আশ্ৰয় লৈ আছে।

দিনৰ ভাগত একাংশ উদণ্ড যুৱকে বাগিচাত উপস্থিত হৈ হাতীক জোকাই হিংস্ৰ কৰি তোলে। ইয়াৰ ফলত কাষৰীয়া ৰাইজক নিশা হ'লে হাতীয়ে অশান্তি কৰে। গাঁৱবাসীয়ে সন্ধিয়া হ'লেই আতংকিত হৈ পৰে।

ইপিনে, বাগিচাত কাম কৰা শ্ৰমিকেও জীৱনৰ নিৰাপত্তাহীনতাত ভুগিছে। কিন্তু, বন বিভাগে ধৃতৰাষ্ট্ৰৰ ভূমিকাত অৱতীৰ্ণ হৈছে। এনেবোৰ উদণ্ড যুৱকক নাকী লগোৱাৰ কোনো ব্যৱস্থা নকৰিলে বুলিও চৰ্চা চলিছে।

একেদৰে, যোৱা কিছুদিনৰ পৰা নুমলীগড় খণ্ড বন কাৰ্যালয়ৰ অধীনস্থ দেওপাহাৰৰ দাঁতিৰ ৩৯ নং ৰাষ্ট্ৰীয় পথত হাতীৰ জাক এটাই প্ৰায়ে অৱস্থান কৰাত পথচাৰী ৰাইজে তীব্ৰ শংকাত ভুগিছে।

শান্ত হাতী হৈ পৰিছে অশান্ত : লেটেকোজন চাহ বাগিচাৰ উদণ্ড যুৱকৰ অতপালি
এতিয়া 'কা' আন্দোলন কৰি লাভ নাই : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in