/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/7be3a321-e62a-42f0-9c8e-879e78d3d692/hati.jpg)
ডিজিটেল সংবাদ, নুমলীগড় : নুমলীগড়ৰ কালিয়নী চাহ বাগিচাত বন্যহস্তীৰ তাণ্ডৱ। শুকুৰবাৰে মাজনিশা বনৰীয়া হাতীৰজাকে অঞ্চলটোত উপদ্ৰৱ চলাই বহু পৰিয়ালৰ বাসগৃহ লণ্ডভণ্ড কৰে ।
জানিব পৰা মতে এটা পৰিয়ালৰ ঘৰৰ সকলো সামগ্ৰী নষ্ট কৰাৰ লগতে কথমপি প্ৰাণৰক্ষা পৰে পৰিয়ালটোৰ । ঘৰখনৰ প্ৰায় সকলো বস্তু হাতীৰজাকে ভাগি-ছিগি শেষ কৰাৰ ফলত পৰিয়ালৰ মাজত হাহাকাৰ অৱস্থা।
আনহাতে উক্ত পৰিয়ালটোৰ দৰেই হাতীৰজাকে অঞ্চলটোৰ বহু পৰিয়ালৰ বাসগৃহৰ লগতে বাৰীৰ গছ-গছনি লণ্ড ভণ্ড কৰে । বৰ্তমান অঞ্চলটিৰ ওচৰৰ চাহ বাগিচাত হাতীৰ জাকটোৱে আশ্ৰয় লৈ আছে বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে।
হাতীৰজাকৰ কাণ্ড দেখি ৰাইজৰ মাজত সৃষ্টি হৈছে আতংকৰ । উল্লেখ্য যে, হাতীৰ জাকটোৱে খাদ্যৰ বাবে প্ৰায়েই জনাঞ্চলত সন্ত্ৰাস চলাই আহিছে ।
Also Read: নগাঁও অতিৰিক্ত আৰক্ষী অধীক্ষকক পুনৰ জেৰা চি আই ডিৰ