কাম কৰি থকা অৱস্থাতে বিদ্যুৎ সংযোগ, বিদ্যুৎ বিভাগৰ চৰম গাফিলতিৰ বাবেই এজন সংকটজনক…

কাম কৰি থকা অৱস্থাতে বিদ্যুৎ সংযোগ, বিদ্যুৎ বিভাগৰ চৰম গাফিলতিৰ বাবেই এজন সংকটজনক…

author-image
asomiyapratidin
New Update
কাম কৰি থকা অৱস্থাতে বিদ্যুৎ সংযোগ, বিদ্যুৎ  বিভাগৰ চৰম গাফিলতিৰ বাবেই এজন সংকটজনক…

ডিজিটেল ডেস্ক: বিদ্যুতৰ কাম কৰি থকা অৱস্থাতে বিদ্যুৎ সংযোগ দিয়াৰ বাবেই বিদ্যুতস্পৃষ্ট হৈ সংকটজনক অৱস্থাত বিদ্যুৎ বিভাগৰ কৰ্মচাৰী।

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ মানকাচৰ আৰক্ষী থানাৰ অন্তৰ্গত কাকৰিপাৰাত সংঘটিত হৈছে এই ভয়ংকৰ আৰু হৃদয় বিদাৰক ঘটনা।

সংকটজনক অৱস্থাত থকা বিদ্যুৎ বিভাগৰ কৰ্মচাৰী জন মানকাচৰৰ কাকৰিপাৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত তিন ঘৰী পাৰা গাওঁৰ জুলহাছৰ মিঞাৰ পুত্ৰ ছীপোন মিঞা বুলি জানিব পৰা গৈছে।

ছীপোন মিঞাক ততাতৈয়াকৈ মানকাচৰ সমুহীয়া স্বাস্থ্য কেন্দ্ৰত ভৰ্ত্তি কৰোৱা হয় যদিও অৱস্থা অতি সংকটজনক হোৱাৰ ফলত মানকাচৰৰ সমুহীয়া স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসকে উন্নত মানৰ চিকিৎসাৰ বাবে মেঘালয়ৰ তুৰা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

আৰু পঢ়ক: ইণ্ডো-বাংলাদেশ সীমান্তত নিচাজাতীয় দ্ৰব্য সহ সৰবৰাহকাৰী আটক…

assam power dipt mankachar