/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/DRUNKEN-OFFICER.jpg)
জিটেল সংবাদ, নুমলীগড়ঃ প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোট গ্ৰহণ চলি থকাৰ মাজতে বৃহস্পতিবাৰে সৰুপথাৰ বিধানসভা সমষ্টিৰ অধীনৰ নুমলীগড়ৰ সমীপৰ মৰঙি পোৰাবাংলাৰ এটা ভোট কেন্দ্ৰত সুৰামত্ত প্ৰিজাইডিং বিষয়াই উদ্ভণ্ডালি কৰি আটক হোৱা ঘটনাক কেন্দ্ৰ কৰি চৌদিশে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। জানিব পৰা মতে, পুৱা ৭ বজাৰ পৰাই ভোট দিবলৈ ৰাইজে ৭৪ নং দৈগ্ৰোং বাগান মধ্য ইংৰাজী বিদ্যালয়ৰ ভোটকেন্দ্ৰত ভিৰ কৰাৰ সময়তে কেন্দ্ৰটোৰ প্ৰিজাইডিং অফিচাৰ গৰাকীয়ে সংঘটিত কৰে এক আজৱ কাণ্ড।
ভোটকেন্দ্ৰটোত পিজাইডিং বিষয়া হিচাপে নিয়োজিত এখন মহাবিদ্যালয়ৰ প্ৰবক্তা শৈল্যেন নেওগে সুৰাসক্ত হৈ ৰাইজক অভব্য আচৰণ কৰা বুলি ৰাইজে অভিযোগ কৰি কেন্দ্ৰটোত প্ৰতিবাদ সাব্যস্ত কৰি উত্তপ্ত কৰি তোলে পৰিৱেশ। সুৰাসক্ত বিষয়াজনে উদ্ভণ্ডালি কৰি ৰাইজক এটা বিশেষ চিহ্নত ভোট দিবলৈ কোৱাৰ গুৰুত্বৰ অভিযোগ তুলি ৰাইজে উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি কৰে। পৰিস্থিতিযে অধিক জটিল ৰূপ ধাৰণ কৰাত ঘটনাস্থলীত উপস্থিত হৈ ছেক্টৰ বিষয়া আৰু নুমলীগড় আৰক্ষীয়ে তেওঁক আটক কৰি নুমলীগড় আৰক্ষী চকীলৈ লৈ আহে।
ইফালে সাংবাদিকৰ আগতো বিষয়াজনে নিশাই মদ খাই নিচা লাগি থকা বুলি মত পোষন কৰে। বিষয়াজনৰ অনুপস্থিতিত কিছু সময় ভোট গ্ৰহণ বন্ধ হয় যদিও প্ৰশাসনৰ তৎপৰতাত পৰৱৰ্তী সময়ত বেলেগ এজন বিষয়াৰ জৰিয়তে নিয়াৰিকৈ ভোটগ্ৰহনৰ ব্যৱস্থা কৰে। ইয়াকে লৈ সমগ্ৰ অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। শিক্ষকতাৰ দৰে পবিত্ৰ বৃত্তিক জীৱিকাৰ পথ হিচাপে বাছি লোৱা ব্যক্তিজনে কেনেদৰে এনে নিকৃষ্ট কাণ্ড সংঘটিত কৰিব পাৰে বুলিও বিভিন্ন মহলত চৰ্চিত হৈছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us