/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/10/aimuhurto-khabar.jpg)
ডিজিটেল সংবাদ , নগাঁও : নগাঁৱত সৰ্প দংশনত এজনৰ মৃত্যু ৷ মৃত্যুক সাৱতি লোৱা ব্যক্তি জনৰ নাম হৈছে প্ৰদীপ বনিয়া(৩৪) ৷ বনিয়াৰ ঘৰ নগাঁও জিলাৰ ৰনথলি আদৰ্শ গাঁৱত ৷
জানিব পৰা মতে সোমবাৰে বিয়লি প্ৰায় চাৰি বজাত প্ৰদীপ বনিয়াই ৰনথলি আদৰ্শ গাঁৱৰ সাপেখাতি বিলৰ পাৰলৈ গৈছিল ৷ ম'হ বিচাৰি বিলৰ পাৰলৈ যোৱা প্ৰদীপ বিলৰ পানীত নমাৰ পিছতে সাপে কামোৰে ৷ লোক জনে কাষতে থকা লোকৰ সহায় বিছৰাত লগে লগে বনিয়াৰ ওচৰত উপস্থিত হৈ ঘৰলৈ লৈ আহে ৷
নিজা ঘৰত উপস্থিত হোৱাৰ পিছত বেছিকৈ অসুস্থ হৈ পৰাত পৰিয়ালৰ লোকে প্ৰদীপ বনিয়াক নগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে যদিও চিকিৎসালয়তে বনিয়াৰ মৃত্যু হয় ৷
আৰু পঢ়ক: মেঘালয়ৰ নতুন DGP এল আৰ বিষ্ণই, অসম আৰক্ষীৰ বিশেষ DGP আছিল IPS গৰাকী
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us