বহি:ৰাজ্যত কাম কৰিবলৈ গৈ পাকিস্তান পালেগৈ চৰাইদেউ এজন ব্যক্তি, পৰিয়ালত হাহাকাৰ…

বহি:ৰাজ্যত কাম কৰিবলৈ গৈ পাকিস্তান পালেগৈ চৰাইদেউ এজন ব্যক্তি, পৰিয়ালত হাহাকাৰ…

author-image
asomiyapratidin
New Update
বহি:ৰাজ্যত কাম কৰিবলৈ গৈ পাকিস্তান পালেগৈ চৰাইদেউ এজন ব্যক্তি, পৰিয়ালত হাহাকাৰ…

ডিজিটেল সংবাদ,চৰাইদেউঃ বহিৰাজ্যত কাম কৰিবলৈ গৈ পাকিস্তান পালেগৈ চৰাইদেউ সোণাৰিৰ এজন ব্যক্তি। উল্লেখ্য যে, চৰাইদেউ জিলাৰ সোণাৰি কাকতিবাৰী আৰক্ষী থানাৰ অন্তৰ্গত মনোজ ওজা নামৰ লোকজন নিৰুদ্দেশ হৈ আছে বিগত এসপ্তাহে।

Advertisment

তথ্য অনুসৰি বিগত এমাহৰ আগতে ৰাজস্থানত কাম কৰিবলৈ বুলি কাকতিবাৰীৰ চেলেংগাওঁস্থিত ঘৰৰপৰা গৈছিল মনোজ ওজা। ৰাজস্থানৰ এটা প্লাইউড ফেক্টৰীত এমাহ কাম কৰাৰ পাছত যোৱা ৭ জুলাইত তেখেতে ঘৰলৈ বুলি ৰাওনা হোৱাৰ উদ্দেশ্যে জয়পুৰ ৰেল ষ্টেচনত উপস্থিত হয়। কিন্তু দুৰ্ভাগ্যজনকভাৱে লোকজনে দিকবিদিক হেৰুৱাই পাকিস্তান অভিমুখী ট্ৰেইন এখনত উঠে আৰু তেখেতৰ নথি-পত্ৰসহিতে এটা বেগ ষ্টেচনতে থাকি যায়।

পৰৱৰ্তী সময়ত জয়পুৰ ৰেল ষ্টেচন কৰ্তৃপক্ষই উদ্ধাৰ কৰা মনোজ ওজাৰ বেগত থকা আধাৰ কাৰ্ডৰপৰা ফোন নম্বৰ সংগ্ৰহ কৰি ঘৰৰ লগত যোগাযোগ কৰে ঘটনা সন্দৰ্ভত জানিব পাৰে পৰিয়ালৰ লোকসকলে। ইয়াৰ পাছতেই যোৱা ৮ জুলাইত মনোজ ওজা নামৰ লোকজনে আন এজন লোকৰ মোবাইল ফোনৰ পৰা ঘৰলৈ ফোন কৰি তেখেত পাকিস্তান সীমান্তত থকা বুলি জানিবলৈ দিয়ে আৰু তেখেতক তাৰ পৰা উদ্ধাৰ কৰিবলৈ পৰিয়ালক অৱগত কৰাত এতিয়া হাহাকাৰ লাগিছে পৰিয়ালত।

ইফালে এই সমগ্ৰ ঘটনা সন্দৰ্ভত কাকতিবাৰী আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰা হৈছে যদিও আজিলৈকে কোনো ধৰণৰ শুংসুত্ৰ লাভ কৰা নাই মনোজ ওজাৰ পৰিয়ালে।

আৰু পঢ়ক: কাম কৰি থকা অৱস্থাতে বিদ্যুৎ সংযোগ, বিদ্যুৎ বিভাগৰ চৰম গাফিলতিৰ বাবেই এজন সংকটজনক…

assam charaideo pakistan