বিবাহিত মহিলাক বিতৰ্কিত বাৰ্তা প্ৰেৰণ কৰি আৰক্ষীৰ জালত যুৱক

ঢকুৱাখনা নগৰৰ এগৰাকী বিবাহিত মহিলাক 'ৱাটচআপ' যোগে বিতৰ্কিত বাৰ্তা প্ৰেৰণ কৰি আৰক্ষীৰ জালত পৰিছে ধেমাজি জিলাৰ গোগামুখ আৰক্ষী থানাৰ অন্তৰ্গত এগৰাকী যুৱক।

author-image
Asomiya Pratidin
New Update
বিবাহিত মহিলাক বিতৰ্কিত বাৰ্তা প্ৰেৰণ কৰি আৰক্ষীৰ জালত যুৱক

ডিজিটেল সংবাদ, ঢকুৱাখনা: ঢকুৱাখনা নগৰৰ এগৰাকী বিবাহিত মহিলাক 'ৱাটচআপ' যোগে বিতৰ্কিত বাৰ্তা প্ৰেৰণ কৰি আৰক্ষীৰ জালত পৰিছে ধেমাজি জিলাৰ গোগামুখ আৰক্ষী থানাৰ অন্তৰ্গত এগৰাকী যুৱক। গোগামুখ বালি গাঁওৰ পুলক গগৈ নামৰ যুৱকজনে  ঢকুৱাখনা আৰক্ষী থানাৰ অন্তৰ্গত এগৰাকী বিবাহিতা মহিলালৈ বিতৰ্কিত বাৰ্তা প্ৰেৰণ কৰাটো প্ৰত্যক্ষ কৰে মহিলা গৰাকীৰ স্বামীয়ে ।

Advertisment

এই সন্দৰ্ভত যুৱকজনক  মহিলা গৰাকীৰ স্বামীয়ে গোগামুখত লগ ধৰি সোধা পোছা কৰাত অস্বীকাৰ কৰাত ভুক্তভোগী ব্যক্তি গৰাকীয়ে ঢকুৱাখনা সদৰ থানাত এজাহাৰ দাখিল কৰে । ঢকুৱাখনা আৰক্ষীয়ে পুলক গগৈ নামৰ যুৱকজনক বিচাৰি গোগামুখত উপস্থিত হৈ  মবাইলটো জব্দ কৰি আনে আৰু যুৱকজনক থানালৈ মাতি আহে।

পৰৱৰ্তী সময়ত শনিবাৰে পুলক গগৈ ঢকুৱাখনা থানাত হাজিৰ হয় আৰু বাৰ্তালাপ কৰাৰ কথা স্বীকাৰ কৰে । আৰক্ষীয়ে এনে অনৈতিক  কাৰ্য পৰৱৰ্তী সময়ত  পুনৰাবৃত্তি নকৰিবলৈ সকীয়াই দি অন্যথা কঠোৰ আইনগত শাস্তি প্ৰদানৰ সকীয়নী দিয়ে । আৰক্ষী সূত্ৰই জনোৱা মতে নিজৰ দুষ্কাৰ্যৰ বাবে অনুতপ্ত যুৱকজনে পাছত  অধিবক্তাৰ এক "আন্দাৰ টেকিং" যোগে  কোনো দিনে এনে অপৰাধ নকৰাৰ পত্ৰ থানাত দাখিল কৰি আইনী মেৰপেছৰ পৰা কোনোমতে পৰিত্ৰাণ পায়।

বিবাহিত মহিলালৈ বিতৰ্কিত বাৰ্তা প্ৰেৰণ কৰা এই নিৰ্লজ ঘটনাকলৈ পৰৱৰ্তী সময়ত স্বামী স্ত্ৰীৰ মাজত মনোমালিন্যৰ সূত্ৰপাত ঘটে । পাৰিবাৰিক সংঘাতলৈ ৰূপান্তৰিত এই ঘটনাৰ বাবে এখন এখন সুখৰ সংসাৰলৈ ঘোৰ অমানিশা নামি অহাৰ আশংকা প্ৰকট হৈ পৰা বুলি সৰৱ চৰ্চা চলিছে  ।

Also Read: হুৰা হুৰে দাম বৃদ্ধি! বজাৰৰ অভাৱ পূৰণ কৰিব পাৰিবনে অসমীয়া শিপিনীয়ে...