মাতৃৰ বিয়োগৰ বাবে ব্ৰতত থাকিও ভোটলৈ আহিল চুৰীয়া চেলেং পৰিহিত ভোটাৰ

মাতৃৰ বিয়োগৰ বাবে ব্ৰতত থাকিও ভোটলৈ আহিল চুৰীয়া চেলেং পৰিহিত ভোটাৰ

author-image
asomiyapratidin
New Update
মাতৃৰ বিয়োগৰ বাবে ব্ৰতত থাকিও ভোটলৈ আহিল চুৰীয়া চেলেং পৰিহিত ভোটাৰ

ডিজিটেল সংবাদ, বঙাইগাঁওঃ মাতৃৰ বিয়োগৰ পিছতো নিজৰ অধিকাৰ তথা দায়িত্ব বোধ পালন কৰাত সামান্যতম কৃপনালী কৰা নাই এগৰাকী সচেতন ভোটাৰে৷ হিন্দু শাস্ত্ৰৰ নিয়ম মতে পিতৃ বা মাতৃৰ শ্ৰাদ্ধ ধৰিলে বাহিৰত ওলাব নোৱাৰাৰ নিয়ম যদিও এই নিয়মক আওকাণ কৰি নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে কূলদীপ ৰায় নামৰ যুৱকগৰাকীয়ে।

ধুবুৰী লোকসভা সমষ্টিৰ চাপৰৰ ২৬৪ নং বহলপুৰ তটপাৰা কেন্দ্ৰত বগা পোচাক পৰিধান কৰি ভোট দিবলৈ আহিল কুলদীপ ৰায় নামৰ এইগৰাকী ভোটাৰ। নিজৰ মাতৃৰ মৃত্যুৰ দুখ পৰিহাৰ কৰি নিজে ওলাই আহিল ভোটদান কৰিবলৈ। সচেতন যুৱকগৰাকীৰ আহ্বান সকলোৱে দলে দলে আহি ভোটদান কৰি এখন সুস্থ সবল চৰকাৰ গঠনত অংশীদাৰ হওঁক।