ভাগিনীয়েকৰ দাৰ ঘাপত গুৰুতৰভাৱে অসুস্থ মোমায়েক !

ভাগিনীয়েকৰ দাৰ ঘাপত গুৰুতৰভাৱে অসুস্থ মোমায়েক !

author-image
asomiyapratidin
New Update
ব্ৰহ্মপুত্ৰত জাঁপ দি মহিলাৰ আত্মহত্যা!

ডিজিটেল সংবাদ, গোলাঘাট: শনিবাৰে নিশা গোলাঘাটৰ বগীজান আৰক্ষী থানাৰ অন্তৰ্গত ফলঙনিত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হয় । সামান্য এটা কথাৰ বাবেই নিজৰ ভাগিনিয়েকে মোমায়েকৰ দুয়োখন হাতত ঘাপ মাৰি গুৰুতৰ ভাৱে আঘাট কৰাৰ ঘটনাই অঞ্চলটোত পৰিস্থিতি উত্তপ্ত কৰি তোলে।

Advertisment

জানিব পৰা মতে ১নং ফলঙনী নিবাসী ৰাজীৱ হাজৰিকা নামৰ লোকজন কালি তেওঁৰ ভনীয়েক ফলঙনীৰ ডাকঘৰ চাৰিআলি নিৱাসী জীতা শইকীয়াৰ ঘৰলৈ যাওতে সামান্য কথাত ভনীয়েক আৰু ভাগিনীয়েক মুনীন্দ্ৰ শইকীয়াৰ লগত লগত কথাৰ কটাকটি হয় আৰু ইয়াৰ ফলত পৰিস্থিতি উত্তপ্ত হৈ পৰে।

জীতাৰ পুত্ৰ অৰ্থাৎ ৰাজীৱ হাজৰিকাৰ ভাগিন মুনীন্দ্ৰই খঙৰ ভমকত মোমায়েকৰ হাত দুখনত বেয়াকৈ ঘপিয়াই হত্যাৰ প্ৰচেষ্টা চলোৱাৰ ফলত ফলত ৰাজীৱ হাজৰীকা গুৰুতৰ ভাৱে আঘাট প্ৰাপ্ত হৈ বহু সময় ধৰি ভনীয়েকৰ চোতালে চটফটাই পৰি ৰয়।

সৌভাগ্য ক্ৰমে সেই সময়তেই বগীজান আৰক্ষী ঘটনা স্থলীত উপস্থিত হৈ মোমায়েক ৰাজীৱ হাজৰীকাক উদ্ধাৰ কৰি গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায় যদিও তেওৰ আঘাট গুৰুতৰ হোৱাত চিকিৎসকে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। আৰক্ষীয়ে ইতিমধ্যে এই সংক্ৰান্তত এক গোচৰ ৰুজু কৰি মুনীন্দ্ৰক আতক কৰিছে আৰু তদন্ত অব্যাহত ৰাখিছে।

আৰু পঢ়ক: ৰহাত পুখুৰীত উদ্ধাৰ দুই কণমানি সহ মাতৃৰ মৃতদেহ

assam golaghat