মানকাচৰত বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰীসহ গ্ৰেপ্তাৰ এজনক

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ কালাপানী আৰক্ষী চকী এলেকাৰ অধীনস্থ বৰবিলা আমটেঙা গাঁৱত দেওবাৰে মাজ নিশা আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ বিস্ফোৰক সহ এজন লোকক গ্ৰেপ্তাৰ কৰিছে।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
মানকাচৰত বৃহৎ পৰিমানৰ বিস্ফোৰক সামগ্ৰীসহ গ্ৰেপ্তাৰ এজনক

ডিজিটেল সংবাদ দক্ষিণ শালমাৰাঃ দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ কালাপানী আৰক্ষী চকী এলেকাৰ অধীনস্থ বৰবিলা আমটেঙা গাঁৱত দেওবাৰে মাজ নিশা আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ বিস্ফোৰক সহ এজন লোকক গ্ৰেপ্তাৰ কৰিছে।

উল্লেখযোগ্য যে, জিলাখনত নতুনকৈ যোগদান কৰা অতিৰিক্ত আৰক্ষী অধীক্ষক (সদৰ) প্ৰতাপ দাসৰ নেতৃত্বত কালাপানী আৰক্ষীৰ দল এটাই গোপন সুত্ৰৰ ভিত্তিত আমটেঙা গাঁৱৰ অহিলুদ্দিনৰ পুত্ৰ ইজাজুল মিঞা (৪০) ৰ ঘৰত অভিযান চলায়। অভিযানকাৰী আৰক্ষীৰ দলটোৱে ঘৰখনৰ পৰা ৭৬০ টা explosive sticks packed, ৪০০ টা CDET ALFA ordinary Detonators, ১২৫ টা CDET ELECTRA Instantaneous Electric Detanotor, বিস্ফোৰণৰ বাবে ব্যৱহাৰ কৰিবলগীয়া ৫৫ বাণ্ডিল নীলা ৰঙৰ তাঁৰ, ৰঙা ৰঙৰ ৩ বাণ্ডিল বৈদ্যুতিক তাঁৰ, ৬ পেকেট বগা চিমেণ্ট আৰু বিস্ফোৰণত ব্যৱহাৰ কৰিবলগীয়া কাটাৰকে ধৰি বিভিন্ন সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। 

আৰক্ষীয়ে ইজাজুল মিঞাত গ্ৰেপ্তাৰ কৰি আজি হাটশিঙিমাৰী আদালতত হাজিৰ কৰে। ঘটনাৰ অধিক তদন্তৰ বাবে আদালাতে ইজাজুলক ৫ দিনৰ বাবে কালাপানী আৰক্ষীৰ জিম্মাত দিছে বুলি আৰক্ষী সুত্ৰে জানিবলৈ দিছে।

৭০ হেজাৰ টকাৰ বিনিময়ত ইজাজুল মেঘালয়ৰ চাংমা উপাধিৰ গাৰো যুৱক এজনৰ পৰা ক্ৰয় কৰি নিজৰ ঘৰলৈ আনিছিল বুলি জানিব পৰা গৈছে। বিষয়টোক লৈ কালাপানী আৰক্ষী তদন্ত অব্যাহত ৰাখিছে।

বাংলাদেশ সীমান্তৱৰ্তী জিলাখনত হঠাৎ এইদৰে ইজাজুলৰ ঘৰত বিস্ফোৰক সামগ্ৰী উদ্ধাৰ হোৱা ঘটনাক লৈ জিলাবাসী চিন্তিত হৈ পৰিছে। বিস্ফোৰকখিনি ক'ত, বিস্ফোৰণৰ বাবে অনা হৈছিল তাক লৈ আৰক্ষীৰ অনুসন্ধান অব্যাহত আছে।

বিশেষকৈ উত্তপ্ত পৰিস্থিতিৰে অগ্নিগৰ্ভা হৈ থকা বাংলাদেশলৈ বিস্ফোৰকখিনি সৰবৰাহৰ বাবে এইদৰে ইজাজুলৰ ঘৰলৈ অনা হৈছিল নেকি বুলিও প্ৰশ্ন উত্থাপন হৈছে। অৱশ্যে আৰক্ষীৰ তদন্তৰ পাছতহে ঘটনাৰ প্ৰকৃত তথ্য পোহৰলৈ আহিব।

অসম আৰক্ষী অপৰাধ মানকাচৰ