/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/89b6b75e-01e3-443b-98ca-9547ab55b689/NAGAON_08.jpg)
NAGAON NAGAON
ডিজিটেল সংবাদ নগাঁও : আঢ়ৈ লাখৰ বিনিময়ত এঘাৰ লাখ ! নগদ আঢ়ৈ লাখ দিয়ক আৰু এঘাৰ লাখ লৈ যাওঁক ৷ আঢ়ৈ লাখ আদায় দিব লাগিব আছল ৷ বিনিময়ত এঘাৰ লাখ দিব নকল ৷
আঢ়ৈ লাখৰ বিনিময়ত এঘাৰ লাখ আদায় কৰিবলৈ নগাঁও আৰক্ষীৰ এটি দল সাজু হ’ল ৷ যোগাযোগ হ’ল এজন যুৱকৰে ৷ যুবকৰ নাম আব্দুল জলিল (২৭) ৷ টেলিফোনত হোৱা যোগাযোগ মতে বৰঘাট চাৰিআলিত অসামৰিক পোচাকত যোৱা আৰক্ষী দলৰে মিলিত হয় আব্দুল ৷
আব্দুলৰে হোৱা দৰদাম মতে আৰক্ষীৰ দলটোক লৈ যায় হোজাই জিলাৰ ডবকা মিকিৰআটি হাও গাঁৱলৈ ৷ হাওগাঁৱত আৰক্ষী দলটোক দেখুৱালে নকল টকা প্ৰস্তত কৰা মেচিন আৰু দিলে নকল ৫০০ টকীয়াৰ এঘাৰ লাখ টকা।
আব্দুল জলিলে জনা নাছিল গ্ৰাহকৰ ৰূপত থকা মহিলাসহ থকা দলটো আৰক্ষী ৷ লগে লগে আৰক্ষী দলটোয়ে কৰায়ত্ত কৰে প্ৰবঞ্চক আব্দুলক ৷ জব্দ কৰে টকা প্ৰিন্ট কৰা মেচিন আৰু নকল ৫০০ টকীয়া নোটখিনি ৷ অভিযানকাৰী দলটোৱে পিছত প্ৰবঞ্চক যুৱকজনৰ লগতে জব্দ কৰা সামগ্ৰীসমূহ লৈ হয়বৰগাঁও টাউন আৰক্ষী চকীলৈ সদৰ থানালৈ আহে ৷