তৃতীয় পত্নীৰ ১২ বছৰীয়া কন্যাক ধৰ্ষণ ! দুসপ্তাহৰ অন্তত গ্ৰেপ্তাৰ অভিযুক্ত...

মানকাচৰৰ সুখচৰ থানা এলেকাৰ অধীনস্থ বাংলাদেশ সীমান্তৱৰ্তী নিলোখীয়া চৰত এগৰাকী ১২ বছৰীয়া কিশোৰীক নিজৰ ৫৫ বছৰীয়া পিতৃয়ে ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে।

author-image
Asomiya Pratidin
New Update
তৃতীয় পত্নীৰ ১২ বছৰীয়া কন্যাক ধৰ্ষণ ! দুসপ্তাহৰ অন্তত গ্ৰেপ্তাৰ অভিযুক্ত...

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ মানকাচৰৰ সুখচৰ থানা এলেকাৰ অধীনস্থ বাংলাদেশ সীমান্তৱৰ্তী নিলোখীয়া চৰত এগৰাকী ১২ বছৰীয়া কিশোৰীক নিজৰ ৫৫ বছৰীয়া পিতৃয়ে ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে। ধৰ্ষণৰ অভিযুক্ত পিতৃক আজি দুসপ্তাহৰ মূৰত গৌৰীপুৰৰ পৰা সুখচৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

Advertisment

উল্লেখযোগ্য যে, নিলোখীয়া গাঁৱৰ ছোবাহান আলীৰ পুত্ৰ হুৰমুজ আলী (৫৫) তেওঁৰ তৃতীয় পত্নীৰ দ্বিতীয় জীয়ৰী (১২) ক ঘৰৰ ভিতৰত দৰ্জা বন্ধ কৰি ধৰ্ষণ কৰাৰ অভিযোগত সুখচৰ থানাত তৃতীয় পত্নীয়ে এজাহাৰ দাখিল কৰিছে। অভিযোগ অনুসৰি ৮ মাৰ্চৰ দুপৰীয়া ঘৰত কোনো নথকাৰ সুযোগ লৈ নিজৰ জীয়ৰীকে বলপূৰ্বক ধৰ্ষণ কৰি থকা অৱস্থাত মাতৃ আহি উপস্থিত হয়।

ঘৰৰ দৰ্জা খুলিয়েই তেওঁ নিজ জীয়ৰীকে পিতৃয়ে ধৰ্ষণ কৰাৰ দৃশ্য প্ৰত্যক্ষ কৰি হুলস্থুল কৰে। ফলত হুৰমুজ আলী নামৰ অভিযুক্তজনে ঘৰৰ খিৰকীৰে পলায়ন কৰে। এই ঘটনাৰ পাচত হুৰমুজৰ পত্নীয়ে ১২ মাৰ্চত সুখচৰ থানাত এখন এজাহাৰ দাখিল কৰে।

সেই এজাহাৰৰ ভিত্তিত সুখচৰ আৰক্ষীয়ে ভাৰতীয় ন্যায় সংহিতাৰ ৬৪(২)(এফ)/৬৫(২) ধাৰা আৰু আৰ/ডব্লিউৰ ৬ নং পকছো আইনৰ অধীনত ১৯/২০২৫ নম্বৰত গোচৰ পঞ্জীয়ন কৰিছে। আৰক্ষীয়ে ঘটনাৰ অনুসন্ধান চলাই সুখচৰ থানাৰ উপ পৰিদৰ্শক আব্দুছ ছবুৰ সেখৰ নেতৃত্বত আজি ধুবুৰীৰ গৌৰীপুৰত অভিযান চলায়।

সুখচৰ আৰক্ষীৰ এই অভিযানত গৌৰীপুৰৰ পৰা জীয়ৰীক ধৰ্ষণ কৰাৰ অভিযোগত অভিযুক্ত হুৰমুজ আলী আৰক্ষীৰ জালত পৰে। আজি বিয়লিৰ ভাগত হুৰমুজ আলীক গৌৰীপুৰৰ পৰা সুখচৰ থানালৈ অনাৰ পাচত আৰক্ষীয়ে ইতিমধ্যে জেৰা কৰি গ্ৰেপ্তাৰ কৰিছে।

মঙলবাৰে হাটশিঙিমাৰী জিলা সত্ৰ ন্যায়াধীশ আদালতত ধৰ্ষণৰ অভিযুক্ত হুৰমুজক হাজিৰ কৰোৱা হ'ব বুলি আৰক্ষী সূত্ৰে জানিবলৈ দিছে। এগৰাকী পিতৃয়ে নিজৰ ১২ বছৰীয়া জীয়ৰীক এইদৰে ধৰ্ষণৰ অভিযোগ উত্থাপন হোৱা বিষয়টোৱে সমগ্ৰ জিলাখনতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। দোষীক উপযুক্ত শাস্তি প্ৰদানৰ বাবে দল-সংগঠনে দাবী উত্থাপন কৰিছে।

মানকাচৰ কিশোৰী ধৰ্ষণ দক্ষিণ শালমাৰা