/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/3713ae12-c43c-4f38-a343-f006fb8dc38a/school1.jpg)
মালৌ পথাৰ জাতীয় বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস
ডিজিটেল সংবাদ,বেকাজান : উত্তৰ-পশ্চিম যোৰহাটৰ বানে গৰকা ঐতিহাসিক মালৌ পথাৰত প্ৰতিষ্ঠা হোৱা মালৌ পথাৰ জাতীয় বিদ্যালয়ে সোমবাৰে ১৭ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন কৰে। উল্লেখযোগ্য যে ২০০৬ শিক্ষাবৰ্ষ শুভাৰম্ভ কৰা বিদ্যালয়খনে ১৭ টা বছৰ অতিক্ৰম কৰি ১৮ টা বছৰত ভৰি দিয়ে ।
বিদ্যালয়ৰ সপ্তদশ বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি পুৱা পতাকা উত্তোলন কৰে সভাপতি ড°মনোজ বৰুৱাই। বন্তি প্ৰজ্বলন কৰে অঞ্চলটোৰ ১৮ গৰাকী বয়োজ্যেষ্ঠ ব্যক্তিয়ে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/d0b428d5-4bef-4540-af25-cd86d3ada887/e5b50656_2bfd_446c_9102_59ab82474825.jpg)
জ্যোতি- বিষ্ণু আৰু ভূপেন্দ্ৰ সংগীতেৰে অনুষ্ঠানটো আৰম্ভ কৰে বিশিষ্ট শিল্পী জয়ন্ত নাথে আৰু সহযোগ কৰে অভিনেতা গৌৰী শংকৰ ভূঞা,প্ৰহ্ণাদ কলিতা আৰু গোলেশ্বৰ বৰাই । বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি ড°মনোজ বৰুৱা সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাত বিদ্যালয়ৰ বাৰ্ষিক মুখপত্ৰ "মালৌপথাৰ" উন্মোচন কৰে দেৰগাঁৱৰ সমষ্টিৰ বিধায়ক ভবেন্দ্ৰ নাথ ভৰালীয়ে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/4ab5bd6a-5342-4f2d-98ca-3ef9da9f5f18/6e5ae6b8_c719_4bb4_9091_85be739c249b.jpg)
আনহাতে ছাত্ৰ-ছাত্ৰীসকলে হাতে লিখি উলিওৱা বিদ্যালয়ৰ প্ৰাচীৰ প্ৰত্ৰিকা "নতুন পোহৰ" উন্মোচন কৰে অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী ফুলমাই বৰাই । হাতে লিখা আলোচনী "প্ৰভাত" উন্মোচন কৰে জ্যেষ্ঠ সাংবাদিক ৰমেন শইকীয়াই ।
সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান শুভাৰম্ভ কৰে পুলিবৰ থানা ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অনুপম গোৱালাই । শিল্পী বিমল গগৈ,জনপ্ৰিয় শিল্পী প্ৰানদীপ,অনিমেষ গগৈ আৰু বাবুল বৰ্ণিল গীত পৰিবেশন কৰে । কাৰ্যসূচীৰ মাজতে ছাত্ৰ ছাত্ৰীসকলে "শিলৰ চোলা " নাটক প্ৰদৰ্শন কৰে।
আৰু পঢ়কঃ ড্ৰাগছ সৰবৰাহৰ লগত জড়িত ইমাম ! আৰক্ষীৰ জালত পৰিল এজন...