ছাত্ৰ-ছাত্ৰীৰ অভাৱ! বন্ধ হৈ পৰিল মালিগাঁৱৰ এখন অসমীয়া মাধ্যমৰ বিদ্যালয়…

ছাত্ৰ-ছাত্ৰীৰ অভাৱ! বন্ধ হৈ পৰিল মালিগাঁৱৰ এখন অসমীয়া মাধ্যমৰ বিদ্যালয়…

author-image
asomiyapratidin
New Update
ছাত্ৰ-ছাত্ৰীৰ অভাৱ! বন্ধ হৈ পৰিল মালিগাঁৱৰ এখন অসমীয়া মাধ্যমৰ বিদ্যালয়…

ডিজিটেলসংবাদ: মালিগাৱঁৰ এখন প্ৰাথমিক বিদ্যালয় বন্ধ হৈ পৰিল। নীলাচল বিদ্যাপীঠ নামৰ প্ৰাথমিক বিদ্যালয় খন এতিয়া PWD ৰ Site camp এটালৈ পৰ্যবাসিত হৈছে। কাৰণ, অসমীয়া মাধ্যমৰ বিদ্যালয় খনত পঢ়িবলৈ ছাত্ৰ ছাত্ৰীৰ অভাৱ। যাৰবাবে চৰকাৰে বিদ্যালয় খন বন্ধ কৰি দিছে আৰু শিক্ষক শিক্ষয়ত্ৰী সকলক আন আন বিদ্যালয়লৈ বদলি কৰি দিয়া হৈছে।

উল্লেখ্য যে, মাত্ৰ কেইবছৰ মানৰ ভিতৰতে গোটেই প্ৰক্ৰিয়াটো ঘটিছে । স্থানীয়ৰ মতে এই বিদ্যালয়খনতে অধ্যয়ন কৰি এতিয়া সমাজত প্ৰতিষ্ঠিত ব্যক্তি হিচাপে পৰিগণিত হৈছে একাংশ। তেনে ক্ষেত্ৰত অসমীয়া মাধ্যমৰ বিদ্যালয় এখনৰ এনে অৱস্থা বাৰুকৈয়ে চিন্তা কৰিবলগীয়া কথা।

assam maligaon