/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/08/12106929833_843f6b8293_b.jpg)
ডিজিটেল সংবাদ, টিহুঃ অসম নাট্য সন্মিলনৰ টিহু শাখা আৰু টিহু আঞ্চলিক ছাত্ৰ সন্থাৰ যুটীয়া উদ্যোগত অহা ১৭ আৰু ১৮ আগষ্টত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে টিহু মহাত্মা গান্ধী ভৱন প্ৰেক্ষাগৃহত "গুৰুজী যোগেশ শৰ্মা সোঁৱৰণী সদৌ অসম ভিত্তিত একাংক নাট প্ৰতিযোগিতা" অনুষ্ঠিত হব।
উক্ত নাট প্ৰতিযোগিতাত অংশগ্ৰহণকাৰী নাট্য দল আৰু নাট সমুহ হৈছে অসম নাট্য সন্মিলনৰ কলিয়াবৰ শাখাৰ "খিৰিকী" ; নগাঁও প্ৰচেনিয়ামৰ "যেতিয়া সন্ধ্যা নামে"; মৰিগাঁও তপস্বী নাট্য গোষ্ঠীৰ "নাৰী"; ঈগল নাট্য গোষ্ঠীৰ "নিশাৰ গদ্য"; নগাঁও তেজস্বী নাট্য গোষ্ঠীৰ "বান" ; বৰপেটা মুখা নাট্য দলৰ " মৰম" ; বৰপেটা ৰং নাট্য দলৰ " বিসৰ্জন " ; নলবাৰী দীনবন্ধু নাট্য গোষ্ঠীৰ "নপোৱা কৰিলেও পাত"; হাউলী নাট্য বিহংগমৰ "পৃথিৱীৰ অসুখ" আৰু ভালুকী নাটশালাৰ "দেৱীকাব্য"।
উদ্যোক্তা সমিতিয়ে প্ৰকাশ কৰা মতে, নাট প্ৰতিযোগিতাৰ প্ৰথম তিনিটা শ্ৰেষ্ঠ দলক বঁটা হিচাপে ক্ৰমে দহ হাজাৰ এক টকা, সাত হাজাৰ এক টকা, পাঁচ হাজাৰ এক টকা আৰু শৃংখলাবদ্ধ দলক পোন্ধৰশ এক টকা লগতে মানপত্ৰ আৰু চূড়ান্ত ভাৱে স্মাৰক প্ৰদান কৰা হব। ইয়াৰ উপৰিও প্ৰতিযোগিতাত শ্ৰেষ্ঠ নাট্যকাৰ, পৰিচালক, অভিনেতা- অভিনেত্ৰী, কলা নিৰ্দেশক,পোহৰ নিৰ্দেশক, সংগীত পৰিচালকক একহাজাৰ এক টকা, শ্ৰেষ্ঠ কৌতুক অভিনেতা,শিশু শিল্পী, সহ: অভিনেতা- অভিনেত্ৰীক পাঁচশ এক টকাকৈ লগতে মানপত্ৰ আৰু চূড়ান্ত ভাৱে স্মাৰক প্ৰদান কৰা হব বুলিও জনাইছে।
আনহাতে, নাট প্ৰতিযোগিতাৰ লগত সংগতি ৰাখি অসমৰ ৰাষ্ট্ৰীয় চলচিত্ৰ বঁটা প্ৰাপক বিশিষ্ট অভিনেত্ৰী মলয়া গোস্বামীক "গুৰুজী যোগেশ শৰ্মা বঁটা–২০১৯" প্ৰদান কৰা হব বুলিও উদ্যোক্তা সমিতিয়ে জানিবলৈ দিছে। উক্ত বঁটাৰ লগত নগদ ধন, মানপত্ৰ, শৰাই আৰু চাদৰ প্ৰদান কৰা হব। নাট সমাৰোহৰ কাৰ্যসূচী মতে ১৭ আগষ্টৰ পুৱা পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন, মাল্যাৰ্পণ, গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হব।
সন্ধিয়া নাট্যশিল্পী বসন্ত শৰ্মা, ভগৱান শৰ্মা, শশী ভট্ট, নিলো বৈশ্য আৰু উৎসৱ কলিতালৈ স্মৃতি তৰ্পণৰ পাছতে অনুষ্ঠিত হ'ব প্ৰবীণ নাট্য শিল্পী যোগেশ শৰ্মা সোঁৱৰণী বঁটা প্ৰদান, স্মৃতিগ্ৰন্হ উন্মোচন আৰু নাট প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠান। উল্লেখ্য, অসম নাট্য সন্মিলনৰ টিহু শাখাৰ উদ্যোগত টিহুত কিছুদিন পূৰ্বে আয়োজিত শিশুনাট কৰ্মশালাৰ প্ৰশিক্ষাৰ্থী অভিনীত, মুকুল ঈদিপাছ ৰচিত আৰু কুলদীপ চহৰীয়া পৰিচালিত 'অ ফুল অ' ফুল' নাট মঞ্চায়নেৰে প্ৰথম নিশাৰ নাট প্ৰতিযোগিতা শুভাৰম্ভ কৰা হ'ব ।
এই অনুষ্ঠানত কেবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশ ল'ব। ১৮ আগষ্টৰ সন্ধিয়া স্মৃতি তৰ্পণ, প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন, মঞ্চ উদ্বোধনৰ পাছতে আৰম্ভ হব দ্বিতীয় নিশাৰ নাট প্ৰতিযোগিতা। নিশা অনুষ্ঠিত হ'ব বঁটা বিতৰণী অনুষ্ঠান। অসম নাট্য সন্মিলনৰ টিহু শাখা আৰু টিহু আঞ্চলিক ছাত্ৰ সন্থাই। প্ৰতিযোগিতাৰ সমূহ কাৰ্যসূচীতে দৰ্শকৰ উপস্থিতি কামনা কৰিছে ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us