ব্যৱসায়ীক ডিঙি কাটি হত্যা, ন্যায়িক জিম্মালৈ প্ৰেৰণ অভিযুক্তক…

ব্যৱসায়ীক ডিঙি কাটি হত্যা, ন্যায়িক জিম্মালৈ প্ৰেৰণ অভিযুক্তক…

author-image
asomiyapratidin
New Update
ব্যৱসায়ীক ডিঙি কাটি হত্যা, ন্যায়িক জিম্মালৈ প্ৰেৰণ  অভিযুক্তক…

ডিজিটেল সংবাদ, তিনিচুকীয়া: মাকুম ছোট হাপজান হত্যাকাণ্ডৰ আন এজন অভিযুক্তক শুকুৰবাৰে আৰক্ষীয়ে আটক কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে । পলাতক হৈ থকা ধৃত অভিযুক্ত ছোট হাপজান নতুন লাইনৰ ইলিয়াছ কৰ্মকাৰ (৩০) বুলি জানিব পৰা গৈছে ।

Advertisment

বীৰেন্দ্ৰ যাদৱক ইলিয়াছে চোকা অস্ত্ৰৰে ডিঙি কাটি হত্যা কৰা বুলি আৰক্ষীৰ আগত স্বীকাৰোক্তি দিয়ে । স্মৰ্তব্য যে চলিত বৰ্ষৰ ৩ মাৰ্চ তাৰিখে মাকুম ছোট হাপজানস্থিত 'টেকন'ভেল' নামৰ বৈদ্যুতিক ট্ৰেন্সফৰ্মাৰ নিৰ্মাণ কৰা প্ৰতিষ্ঠানটোৰ পৰিচালক বীৰেন্দ্ৰ যাদৱক দুৰ্বৃত্তই হানি-খুচি হত্যা কৰি প্ৰতিষ্ঠানটোৰ পিচফালে বাগিচাৰ নলাত পেলাই থৈছিল ।

এই সন্দৰ্ভত মাকুম আৰক্ষীয়ে ৰুজু কৰা গোচৰৰ বিপৰীতে অভিযান চলাই প্ৰাথমিক পৰ্যায়ত কালাডাকু নামৰ হত্যাকাণ্ডটোৰ মূল অভিযুক্তটোক আটক কৰি জেললৈ প্ৰেৰণ কৰিছিল যদিও আন তিনিটা অভিযুক্ত পলাতক অৱস্থাত আছিল ।

হত্যাকাণ্ডটো সংঘটিত হোৱাৰ সুদীৰ্ঘ তিনি মাহৰ পিছত বৃহস্পতিবাৰে হত্যাকাণ্ডত জড়িত আন দুই অভিযুক্ত ছোট হাপজান বামুনমাটিৰ ছিলভেষ্টা কেৰকেটা (৩৫) আৰু বিনোদ তাঁতী (৩২) ওৰফে কামিনক আটক কৰাৰ পিছত শুকুৰবাৰে পুৱতি নিশা অভিযান চলাই হত্যাকাণ্ডটোৰ অন্তিমটো অভিযুক্ত ইলিয়াছ কৰ্মকাৰক আৰক্ষীয়ে আটক কৰে ।

উল্লেখ্য যে 'টেকন'ভেল' নামৰ প্ৰতিষ্ঠানটোৰ বিভিন্ন সামগ্ৰী চুৰিকাৰ্যত লিপ্ত থকা হত্যাকাৰী কেইটাই বাধা আঁতৰাবৰ বাবেই বীৰেন্দ্ৰ যাদৱক হত্যা কৰা বুলি স্বীকাৰোক্তি দিছে । হত্যাকাণ্ডটো উল্লেখিত চাৰিটা অভিযুক্তৰ দ্বাৰাই সংঘটিত হোৱা বুলি মাকুম থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জীৱ ফুল কোঁৱৰে উল্লেখ কৰি অচিৰেই এই চাৰি অভিযুক্তৰ বিৰুদ্ধে মহামান্য আদালতত চাৰ্জচিট দাখিল কৰিব বুলি জানিবলৈ দিয়ে ।

আৰু পঢ়ক: তেজপুৰত ড্ৰাগছ সহ সৰবৰাহকাৰী আটক…

assam Assam police murder case tinsukia