উত্তৰ কমলাবাৰী সত্ৰৰ ৩গৰাকী শিল্পীলৈ সংগীত-নাটক অকাডেমি বঁটা

উত্তৰ কমলাবাৰী সত্ৰৰ ৩গৰাকী শিল্পীলৈ সংগীত-নাটক অকাডেমি বঁটা

ডিজিটেল সংবাদ,মাজুলী : মাজুলী উত্তৰ কমলাবাৰী সত্ৰই সত্ৰীয়া সংস্কৃতিৰ জগতত বিশেষ খ্যাতি লাভ কৰিছে। সত্ৰখনিৰ উদাসীন বৈষ্ণৱসকলে গুৰুদুজনাৰ মৌখিক পৰম্পৰা জীৱন্ত ৰূপত সংৰক্ষণ সংবদ্ধন তথা প্ৰচাৰ প্ৰসাৰ কৰি আহিছে।

গৌৰবোজ্বল ৩৫০ বছৰ পূৰ্ণ কৰা সত্ৰখনিত উদাস ভকতে গুৰু-শিষ্য পৰম্পৰাৰে নিভাঁজ ৰূপত সত্ৰীয়া সংস্কৃতি ধৰি ৰখাই নহয়, বিশ্বদৰবাৰত প্ৰতিষ্ঠা কৰিছে। এই সত্ৰৰে দুগৰাকী বৰ্তমান সত্ৰৰ বৈষ্ণৱ আৰু আন এগৰাকী একালৰ বৈষ্ণৱ মুঠ তিনিগৰাকী ব্যক্তিয়ে সংগীত নাটক অকাডেমি বঁটা লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে।

কেন্দ্ৰীয় চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰ্যালয়ৰ অধীনস্থ সংগীত নাটক অকাডেমীয়ে ঘোষণা কৰা সংগীত নাটক অকাডেমি ২০২২ বৰ্ষৰ বঁটা উত্তৰ কমলাবাৰী সত্ৰৰ একালৰ বৈষ্ণৱ মাজুলীৰ সত্ৰীয়া সংস্কৃতিৰ বিশেষজ্ঞ,গৱেষক, লেখক দেশে বিদেশে সত্ৰীয়া সংস্কৃতি প্ৰচাৰত নিজকে আত্মনিয়োগ কৰা প্ৰাক্তন অধ্যক্ষ কৰুণা বৰা দেৱক অংকীয়া ভাওনাৰ বিষয়ত সংগীত নাটক অকাডেমী বঁটা লাভ কৰে। কৰুণা বৰা এগৰাকী নৃত্য শিল্পী হোৱাৰ লগতে এগৰাকী সুলেখক তেখেতৰ সত্ৰীয়া নৃত্যৰ ওপৰত লেখা গ্ৰন্থই সৰ্বজন সমাদৃত হৈছে।

তেওঁ ইতিমধ্যে বহু অনুষ্ঠান-প্ৰতিষ্ঠানৰ পৰা বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। আন এগৰাকী শ্ৰী শ্ৰী উত্তৰ কমলাবাৰী সত্ৰৰ বৈষ্ণৱ অধ্যাপক ভবেন বৰবায়নে সত্ৰীয়া নৃত্যৰ বিষয়ত সংগীত নাটক অকাডেমী বঁটা লাভ কৰি সত্ৰবাসীক গৌৰৱান্বিত কৰিছে।

নীৰৱ সাধক ভবেন বৰবায়ন সত্ৰখনিৰ মুখ্য বায়ন। ১০০ অধিক ভকতৰ ল'ৰাক সত্ৰীয়া নৃত্য খোলবাদনৰ শিক্ষা প্ৰদান কৰিছে। বহু বিদেশী নৃত্য শিল্পীকো ভৱেন বৰবায়নে নৃত্য শিক্ষা প্ৰদান কৰিছে।

অসমৰ ৩০ খনৰো অধিক অঞ্চলত গায়ন-বায়ন সত্ৰীয়া নৃত্য প্ৰশিক্ষণ প্ৰদান কৰিছে। ২০০৮ চনত ফ্ৰান্স,২০১০ চনত ভূটান আৰু ভাৰতবৰ্ষৰ বিভিন্ন স্থানত সত্ৰীয়া নৃত্য গীত নাট পৰিবেশন কৰি সত্ৰীয়া সংস্কৃতিৰ দুগুন জেউতি বৃদ্ধি কৰিছে। আন এগৰাকী উত্তৰ কমলাবাৰী সত্ৰৰ যুৱ বৈষ্ণৱ মুকুন্দ শ‌ইকীয়া বৰবায়নে সত্ৰীয়া নৃত্যৰ বিষয়ত ওস্তাদ বিছমিল্লাহ খাঁ যুৱ পুৰস্কাৰ লাভ কৰিছে।

উল্লেখ্য যে, মুকুন্দ বৰবায়নে শৈশৱ কালতে উত্তৰ কমলাবাৰী সত্ৰলৈ আহি প্ৰয়াত পৰমানন্দ বৰবায়নৰ তত্ত্বাৱধানত সত্ৰীয়া শিক্ষাগ্ৰহণ কৰিছিল । ২০০৮ আৰু ১০ চনত সুদূৰ ফ্ৰান্স,২০১৬ চনত আমেৰিকা,২০১৮ চনত ইংলেণ্ড লগতে ভাৰতৰ বিভিন্ন ৰাজ্যত সত্ৰীয়া নৃত্য নাট আদিৰ পৰিবেশন কৰি অসমী আইৰ মান বৃদ্ধি কৰিছে।

পুৱা তিনিওগৰাকী বঁটাপ্ৰাপ্তকক উত্তৰ কমলাবাৰী সত্ৰৰ পূজ্যস্পাদ সত্ৰাধিকাৰ শ্ৰীশ্ৰী জনাৰ্দন দেৱগোস্বামীয়ে আশিষ নিৰ্মালী প্ৰদান কৰে। উত্তৰ কমলাবাৰী সত্ৰ শংকৰদেৱ কৃষ্টি সংঘৰ সভাপতি মনিৰাম বৰগায়ন, সম্পাদক তীৰ্থ ভূঞা বৰগায়নে অভিনন্দন জনায়।

ইয়াৰোপৰি পদ্মশ্ৰী গোপীৰাম বুঢ়াভকত,বিধায়ক ভূৱন গাম ,শিল্পী উপেন বৰগায়ন আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰিবেশ্য কলা বিভাগৰ সসকাৰী অধ্যাপক ডঃ যাদৱ চন্দ্ৰ বৰাই শুভেচ্ছা জ্ঞাপন কৰে ‌। উত্তৰ কমলাবাৰী সত্ৰৰ বাকৰিতে উদাসীন পৰম্পৰাৰ মাজত থাকি গুৰু পৰম্পৰা শিকন শিক্ষণৰ মাজেদি ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰাটো গৌৰৱৰ কথা বুলি সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামীয়ে উল্লেখ কৰে।

উত্তৰ কমলাবাৰী সত্ৰৰ ৩গৰাকী শিল্পীলৈ সংগীত-নাটক অকাডেমি বঁটা
শোণিতপুৰত আপৰ বিশাল কৰ্মকৰ্তা সন্মিলন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in