/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/1b38796f-814d-40b7-9145-d4ca8075d4b9/fdsdfsdfs.jpg)
ডিজিটেল ডেস্কঃ মাজুলীৰ ভকত চাপৰিত উত্তপ্ত পৰিস্থিতি। গঁড়ৰ আক্ৰমণত নিহত পদ্ম ঘেৰুৱা নামৰ এজন লোক। জানিব পৰা মতে শুৱাৰ পৰা উঠি ওলাই আহোতেই চোতালত গঁড়ে আক্ৰমণ কৰে লোকজনক।
ইয়াৰ পাছতেই উত্তপ্ত পৰিস্থিত সৃষ্টি হয় সমগ্ৰ অঞ্চলটো। ভকত চাপৰি ৰাইজে ঘেৰাও কৰে জিলা বন বিষয়া আৰু ৰেঞ্জাৰক। গঁড়ৰ আক্ৰমণত লোকজন নিহত হোৱাৰ পাছত ঘটনাস্থলীত পলমকৈ উপস্থিত হৈছিল বন বিভাগৰ লোক।
তাৰ পাছতেই বন বিভাগৰ লোক উপস্থিত হোৱাত বন বিভাগ মুর্দাবাদ, বন বিভাগ হায় হায় ধ্বনিৰে পৰিস্থিতি উত্তাল কৰি তোলে। বন বিভাগৰ জিলা বন বিষয়া গৰাকীয়ে তুলঙা মন্তব্য কৰাক লৈ পৰিস্থিতি অতি উত্তপ্ত হয় ।
ৰাইজৰ প্ৰশ্ন উত্তৰ দিব নোৱাৰি ঘটন স্থলীৰ পৰা পলায়ন কৰে জিলা বন বিষয়াF । গঁড় আক্ৰমণত নিহত লোক জনক ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ বাবে গড়মূৰ জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ উপস্থিত হৈছে আৰক্ষী।