
ডিজিটেল ডেস্কঃ ২০২৩ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ দুখনকৈ প্রশ্নকাকত ফাদিল হৈছিল । এই সন্দৰ্ভত বৰ্তমানেও অনুসন্ধান চলি আছে ।
বৃহস্পতিবাৰে মাজুলী লোহিত খাবলোত পুনৰ চি আই ডিয়ে চলালে অভিযান ।মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিলৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল প্রণৱ দত্ত ।
প্রণৱ দত্তক লগতলৈ এইবাৰ কামবুং গাঁৱৰ শিক্ষকজনৰ ভাড়া ঘৰত চি আই ডিয়ে চলাইছে অভিযান । তৃতীয়বাৰৰ বাবে চিআইডিয়ে চলালে অভিযান ।
প্ৰশ্নকাকত ফাদিল হোৱাৰ পিছতেই বাতিল কৰা হৈছিল দুটাকৈ পৰীক্ষা । বিজ্ঞান আৰু অসমীয়া বিষয়ৰ পৰীক্ষা বাতিল কৰা হ’ল । উল্লেখ্য যে যোৱা ১৩ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া পৰিক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ পিছত বাতিল কৰাৰ পিছত পুনৰ আজিৰ দিনটোত ছেবাই অনুষ্ঠিত কৰিছে বিজ্ঞান বিষয়ৰ পৰীক্ষা ।