/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/a87c1968-19e7-48ce-a9d3-a12a4daed7db/2.jpg)
ডিজিটেল সংবাদ, মাজুলীঃ ৰাজ্য চৰকাৰৰ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই বুধবাৰে মাজুলী ভ্ৰমণ কৰি ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে ছিঙি নিয়া আউনীআটি সত্ৰৰ সমীপৰ যুগুনিধাৰী (আলিমুৰ) মথাউৰিৰ স্থান পৰিদৰ্শন কৰে। লগতে স্থানীয় ৰাইজৰ সৈতে মত বিনিময় কৰি সাম্প্ৰতিক পৰিস্থিতিৰ বুজ লয় মন্ত্ৰীগৰাকীয়ে ।
সোমবাৰে এই মথাউৰিটো ছিগাৰ ফলত মাজুলীৰ বহুকেইখন গাঁও বানৰ কবলত পৰিছে। মন্ত্ৰীগৰাকীয়ে ৰাইজৰ সৈতে মত বিনিময় কৰি ছিগা মথাউৰিটো মেৰামতিৰ ক্ষেত্ৰত অত্যাধুনিক প্ৰযুক্তিৰ সহায়ত অতিশীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি প্ৰতিশ্ৰুতি দিয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/592c3971-d022-4e96-a68c-0108be3dc776/26de9bd3-6f8d-42e7-9862-83562f5f7663.jpg)
মন্ত্ৰীগৰাকীয়ে জলসম্পদ বিভাগৰ মুখ্য অভিযন্তাক এইক্ষেত্ৰত বুধবাৰে নিশাৰ ভিতৰতে ৮ টা জিঅ' মেগাটিউব সাজু কৰি তুলিবলৈ নিৰ্দেশনা প্ৰদান কৰে । যুদ্ধকালীন তৎপৰতাৰে বৃহস্পতিবাৰৰ পৰাই মথাউৰি মেৰামতিৰ কাম আৰম্ভ কৰিবলৈও মন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিয়ে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/d66afeb5-e715-4436-bc03-1cbe8c1c9fc0/bbc717bc-9b7c-4af4-a5c9-c77e228d143c.jpg)
আনহাতে মন্ত্ৰীগৰাকীৰ লগতে মাজুলীত উপস্থিত হোৱা অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ মুখ্য কাৰ্যবাহী বিষয়াৰ সৈতে আলোচনা কৰি মন্ত্ৰীগৰাকীয়ে স্থানীয় ৰাইজক আশ্বাস দিয়ে যে বানত আবাসগৃহৰ সম্পূৰ্ণ অথবা আংশিক ক্ষতি হোৱা লোকসকলে বৃহস্পতিবাৰৰ ভিতৰতে চৰকাৰী সাহায্য লাভ কৰিব। বানাক্ৰান্ত লোকসকলক পৰ্যাপ্ত পৰিমাণে আপদকালীন আৰু অত্যাৱশ্যকীয় সাহায্য প্ৰদান কৰাটো সুনিশ্চিত কৰিবলৈও জিলা প্ৰশাসনক মন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিয়ে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/efeec23f-bf6b-4750-9fea-669a131bb722/b9026a37-e125-4813-b589-b65d8c3b135d.jpg)
পাছত সাংবাদিকৰে হোৱা সাক্ষাতত জলসম্পদ মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে বিগত নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত তেওঁ দিয়া প্ৰতিশ্ৰুতি অনুসৰিয়ে এইবাৰ মাজুলীৰ লুইত খাবলু অঞ্চলত বান প্ৰতিৰোধৰ বাবে প্ৰায় ১২ ৰ পৰা ১৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ মথাউৰি নিৰ্মাণ কৰা হ'ব । ইয়াৰ বাবে প্ৰাককলন ইতিমধ্যেই প্ৰস্তুত কৰা হৈছে বুলিও মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে ।
জলসম্পদ মন্ত্ৰীগৰাকীয়ে লগতে কমলাবাৰীৰ সমীপৰ চুমৈমাৰী মথাউৰিও পৰিদৰ্শন কৰে। চুমৈমাৰীত জলসিঞ্চন বিভাগৰ এখন শ্লুইছ গেটত বানৰ সময়ত কিছু বিসংগতি লক্ষ্য কৰি জলসম্পদ বিভাগে ইতিমধ্যেই মেৰামতি কৰি দিয়ে। এই শ্লুইছ গেটখনৰ লগতে মন্ত্ৰীগৰাকীয়ে চুমৈমাৰী আৰু কঢ়ালগাঁৱত মথাউৰিটোৰ স্পৰ্শকাতৰ অংশ পৰিদৰ্শন কৰে আৰু বান প্ৰতিৰোধৰ বাবে জলসম্পদ বিভাগে গ্ৰহণ কৰা জৰুৰীকালীন ব্যৱস্থাসমূহৰ বুজ লয় ।
Also Read: ৰঙিয়া মহাবিদ্যালয়ত সৃজনীমূলক লেখনি প্রতিযোগিতা...