ডিজিটেল সংবাদ, মাজুলীঃ ৰাজ্যত তুংগত নিৰ্বাচনী প্ৰচাৰ। সমষ্টিয়ে সমষ্টিয়ে জোৰদাৰ হৈ উঠিছে প্ৰচাৰ অভিযান। তাৰ মাজতেই যোৰহাট লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈৰ মন্তব্য- মাজুলীবাসীয়ে দলং নালাগে বুলি কৈছিল। আমাৰ চৰকাৰ থকাৰ দিনত আমি দলঙৰ প্ৰস্তাৱ আগবঢ়াইছিলো কিন্তু সেই সময়ত দল সংগঠন তথা স্থানীয় লোকে ইয়াৰ বিৰোধিতা কৰিছিল। সেইবাবে আমি আলোচনাৰ মাজেৰে লোকতন্ত্ৰক গুৰুত্ব দি দলং নিৰ্মাণৰ কাম আমি লাহে লাহে আগবঢ়াইছিলো।
গৌৰৱ গগৈৰ এই মন্তব্যক উভতি ধৰে ৰাজ্য চৰকাৰৰ মন্ত্ৰী পিযুষ হাজৰিকাই। তেওঁ কয় যে মাজুলীত দলং নালাগে বুলি কোৱা মন্তব্যৰে অপমান কৰা হৈছে মাজুলীবাসীক। মাজুলীবাসী ইমান অজ্ঞ নেকি যে তেওঁলোকে দলং নালাগে বুলি ক'ব। কংগ্ৰেছৰ দিনত মাজুলীত বাট পথেই নাছিল। সৰ্বানন্দ সোণোৱালৰ দিনতহে মাজুলীয়ে অন্য এক ৰূপ পালে।
মন্ত্ৰী পিযুষ হাজৰিকাই লগতে কয় যে গৌৰব গগৈ কলিয়াবৰ সাংসদ হৈ থাকোতে সদনত কিমান দিন কলিয়াবৰৰ সমস্যাৰ কথা কৈছিল? কিমান উন্নতি হৈছিল কলিয়াবৰৰ। কেইবাৰ সমষ্টিলৈ গৈছিল তেওঁ। লগতে মন্ত্ৰী হাজৰিকাই উদঙালে গৌৰব গগৈৰ আন এক তথ্য। তেওঁ কয় যে, বহু কংগ্ৰেছ কৰ্মীৰ অভিযোগ সহজতে হেনো ফোন ৰিছিভ নকৰে গৌৰৱ গগৈয়ে। যথেষ্ট অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয় নেতা কৰ্মীসকল। যাৰ বাবে দল এৰিবলৈ বাধ্য হয় একাংশ কংগ্ৰেছ কৰ্মী। এনেদৰে নিৰ্বাচনী প্ৰচাৰৰ মাজতে নিজৰ বলিষ্ঠ কণ্ঠেৰে ৰাইজৰ সমস্যাৰ বুজ লোৱা দেখা গ'ল মন্ত্ৰী পিযুষ হাজৰিকাক।
Also Read: মই নিজেই বৰ্তমানলৈ অন্তৰ্ভুক্ত নহয় দলতঃ এচিয়া কাপ সন্দৰ্ভত ৰোহিত শৰ্মা...
মাজুলীক লৈ গৌৰৱ গগৈয়ে কৰা মন্তব্যক উভতি ধৰিলে পিযুষ হাজৰিকাই

pijus hazarika pijus hazarika