লক্ষ্মী পূজাৰ মাজতে মাজুলীত ভয়াৱহ অগ্নিকাণ্ড...

লক্ষ্মী পূজাৰ মাজতে মাজুলীত ভয়াৱহ অগ্নিকাণ্ড...

author-image
Asomiya Pratidin
New Update
লক্ষ্মী পূজাৰ মাজতে মাজুলীত ভয়াৱহ অগ্নিকাণ্ড...

লক্ষ্মী পূজাৰ মাজতে মাজুলীত ভয়াৱহ অগ্নিকাণ্ড...

ডিজিটেল সংবাদ মাজুলীঃ ৰাজ্যজুৰি লক্ষ্মী পূজাৰ আনন্দ উল্লাসৰ মাজতে মাজুলীত সংঘটিত হৈছে ভয়াৱহ অগ্নিকাণ্ড। মাজুলীৰ ব্লক তিনিআলিত সংঘটিত হৈছে এই অগ্নিকাণ্ড।

Advertisment

প্ৰাথমিক খবৰ অনুসৰি তিনিআলিৰ বিপুল চন্দ্ৰ মুদৈৰ ঘৰত ভাড়াতীয়া হিচাপে থকা নাৰায়ণ চাহু নামৰ লোকজনৰ ঘৰৰ বন্তিৰ পৰা জুইৰ সূত্ৰপাত হয়। ইয়াৰ পাছতে জুই অধিক সম্প্ৰসাৰিত হৈ এটা গেছৰ ছিলিণ্ডাৰো বিস্ফোৰিত হয়। ফলত এই অগ্নিকাণ্ডই ভয়াবহ ৰূপ ধাৰণ কৰে।

ঘটনা সংঘটিত হোৱাৰ পাছতে দুখনকৈ অগ্নি নিৰ্বাপন বাহিনীৰ বাহনে আহি জুই নিৰ্বাপন কৰে। ইফালে এই ঘটনাৰ বুজ ল'বলৈ ঘটনাস্থলীত উপস্থিত হয় মাজুলীৰ বিধায়ক ভুৱন গাম।

উল্লেখ্য, বিপুল চন্দ্ৰ মুদৈৰ চৌহদত ভাড়াতীয়া হিচাপে থকা নাৰায়ণ চাহু, দিপালী হালদাৰৰ এই অগ্নিকাণ্ডত কেইবা লক্ষাধিক টকাৰ সম্পত্তি জুইত জাহ গৈছে।

Also Read: ধ্বংস হোৱাৰ দিশে সোৱণশিৰি সভ্যতা ! এন এইছ পি চিৰ সন্মুখত উত্তাল প্ৰতিবাদ...

অগ্নিকাণ্ড