মাজুলীত দুই সাংসদ ক্ৰমে প্ৰদান বৰুৱা আৰু তপন কুমাৰ গগৈ।
নামঘৰে নামঘৰে সেৱা লৈ ফুৰিছে দুই সাংসদে।
প্ৰদান বৰুৱাই দুখ মনেৰে সেৱা ললে নামঘৰত।
"এইয়া আপোনালোকৰ নতুন সাংসদ নতুন প্ৰতিনিধি, মোক খেদিলে আৰু মাজুলীৰ পৰা" - লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা।
আদৰ্শ বৰবাৰী গাঁৱত সেৱা ললে সাংসদ প্ৰদান বৰুৱা আৰু তপন কুমাৰ গগৈয়ে।
সাংসদ প্ৰদান বৰুৱাক কাষত লৈ 'পৰদেশী জানা নাহি মুজে ছ'ৰকে'ৰ বেণ্ড পাৰ্টী সুৰত এপাক নাচিলে গাঁওখনৰ এজন বৃদ্ধিই।
আনহাতে ১ নং কমাৰগাও নামঘৰত মাজুলী সমষ্টিৰ বিধায়কৰ লগত আশীষ ললে যোৰহাটৰ সাংসদ তপন কুমাৰ গগৈয়ে।
বৈষ্ণৱৰ লগত একেলগে নাম লোৱা দেখিবলৈ পোৱা গল দুয়োগৰাকীকে ।
মাজুলীত দলীয় সাংগঠনিক কামত আহি ভিন্ন নামঘৰত সেৱা লয় সাংসদ গৰাকীয়ে।
কমাৰগাৱত সাংসদ গৰাকীয়ে উজনি অসমত চাহ বাগিচা সমূহত ভূপেন বৰাই চাইকেল চলাই প্ৰচাৰ চলোৱাক লৈ কতাক্ষ কৰি সাংসদ গৰাকীয়ে কয় "কংগ্ৰেছ এখন দুবন্ত নাওঁ। উদ্ধাৰৰ চেষ্টা চলাইছে ভূপেন বৰাই"।