/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-02/y9kalhml/192.jpg)
ডিজিটেল সংবাদ, মাজুলী : গুৰুজনাৰ অমৰ সৃষ্টি 'মাটি আখৰা' সত্ৰীয়া নৃত্যৰ প্ৰাৰম্ভিক পৰ্যায়। শৰীৰটো সুন্দৰ আৰু মানসিক স্থিতি সবল আৰু আধ্যাত্মিক চেতনা জাগ্ৰত কৰাৰ বাবে যোগৰ সমান্তৰালকৈ মাটি আখৰা এক শাৰীৰিক ব্যায়াম।
এই মাটি আখৰা শীঘ্ৰেই পাঠ্যক্ৰম হিচাপে আৰম্ভ হ'ব ত্ৰিপুৰা ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ত। ত্ৰিপুৰাৰ আগৰতলাত অনুষ্ঠিত ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ কেন্দ্ৰৰ সঞ্চালক বিপ্লৱ বৰকাকতিৰ বিশেষ উদ্যোগত মহাপুৰুষ শংকৰদেৱৰ সৃষ্টিৰাজিক পাঠ্যক্ৰমত অন্তভুৰ্ক্ত কৰিবৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
ছাত্ৰ-ছাত্ৰীসকলৰ শাৰীৰিক, মানসিক ,আধ্যাত্মিক জ্ঞানৰ বাবে মাটি আখৰাক অধিক গুৰুত্ব প্ৰদান কৰা বুলি জানিবলৈ দিয়ে। ইতিমধ্যে পৰম্পৰাগত থংচা আৰু যোগক পাঠ্যক্ৰম হিচাপে অন্তৰ্ভুক্ত কৰিছে যদিও আজিলৈকে মাটি আখৰাক কোনো বিশ্ববিদ্যালয় বা মহাবিদ্যালয় তথা বিদ্যালয়ত অন্তৰ্ভুক্ত হোৱা নাই। ত্ৰিপুৰা নাট্য বিদ্যালয়ৰ পদক্ষেপক আদৰণী জনাইছে সত্ৰীয়া শিল্পীসকলে।
মাটি আখৰাৰ অনুশীলনৰ যোগেদি শংকৰদেৱৰ অমৰ সৃষ্টি মাটি-আখৰাৰ গুৰুত্ব অধিক বৃদ্ধি পাব বুলি আশা ব্যক্ত কৰে। ইতিমধ্যে ২০ দিনীয়া কৰ্মশালা অনুষ্ঠিত কৰি ৬৪ খন মাটি আখৰাৰে ৩৫ খনৰ শিক্ষাগ্ৰহণ কৰিছে নাট্য বিদ্যালয়ত অধ্যয়নৰত দেশৰ বিভিন্ন প্ৰান্তৰ ছাত্র-ছাত্ৰীয়ে।
উক্ত কৰ্মশালাৰ প্ৰশিক্ষক হিচাপে আছিল ডঃ ভূপেন হাজৰিকা পৰিবেশ্য কলা অধ্যয়ন কেন্দ্ৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপক তথা উত্তৰ কমলাবাৰী সত্ৰৰ বৈষ্ণৱ ডঃ যাদৱ চন্দ্ৰ বৰা। বৰাই মাটি আখৰাৰ লগতে ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ ছাত্র-ছাত্ৰীসকলক সত্ৰীয়া নৃত্য, সত্ৰীয়া ওজাপালি, অংকীয়া ভাওনাৰ খণ্ডদৃশ্যৰ প্ৰশিক্ষণ প্ৰদান কৰে। মাটি আখৰা প্ৰথম বাৰৰ বাবে শিকিবলৈ পাই ছাত্র -ছাত্ৰীসকল অভিভূত হয়। অসমত গুৰুজনাৰ সৃষ্টি ৩৫ খনকৈ মাটি আখৰাৰ শিক্ষাগ্ৰহণ কৰি পৰিবেশন কৰে ।
Also Read: গোবিন্দপুৰ চাহ বাগিছাত যুৱতীৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি...