
ডিজিটেল সংবাদ, মাজুলী : চৰকাৰী বিদ্যালয়ত গুণগত শিক্ষা প্ৰদানৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে ধাৰাবাহিক বিভিন্ন সংস্কাৰমূলক পদক্ষেপ লোৱাৰ সময়তে মাজুলীত চৰকাৰী বিদ্যালয়ৰ প্ৰতি অনিচ্ছা প্ৰকাশ কৰি এগৰাকী ছাত্ৰীয়ে শুকুৰবাৰে দিনৰ এঘাৰ বজাত বাচি ল'লে আত্মহননৰ পথ। ষষ্ঠ শ্ৰেণীৰ শিক্ষাৰ্থীগৰাকীৰ নাম হৈছে মৃনালী দল(১১)।
মাজুলী জিলাৰ জেংৰাইমুখ আৰক্ষী থানাৰ অন্তৰ্গত জেংৰাই চাপৰি গাঁৱৰ বাসিন্দা বিপুল দলে আৰু মায়া দলেৰ জেষ্ঠ কন্যা আছিল ছাত্ৰী গৰাকী। উল্লেখ্য যে, মৃনালী দলে পুনচাং ৰেচিডেনটেল স্কুল, জেংৰাই বালি চাপৰি নামৰ বেচৰকাৰী ইংৰাজী মাধ্যমৰ বিদ্যালয়ত পঢ়া-শুনা কৰিছিল। কিন্তু এইখন বিদ্যালয় বৰ্তমান নাইকীয়া হৈ পৰাত পিতৃ মাতৃয়ে ঘৰৰ ওচৰত অৱস্থিত স্বৰ্ণশিৰি উচ্চ মাধ্যমিক বিদ্যালয়ত নামভৰ্তি কৰাই দিয়ে মৃনালী দলেক। সেইমতে মাতৃ মায়া দলে মৃনালী দলেক লগত লৈ নামভৰ্তি কৰি ঘৰলৈ উভতি আহি থকা অৱস্থাতে বিদ্যালয়খনত অধ্যয়ন নকৰাৰ কথাটো মাতৃৰ আগত প্ৰকাশ কৰিছিল।
তেওঁৰ ইচ্ছা আছিল ইংৰাজী মাধ্যম বেচৰকাৰী ইভিয়ন পাব্লিক স্কুলত পঢ়াত। আৰু ইয়াৰ পিছতে ঘৰলৈ উভতাৰ পিছত নিজৰ ঘৰৰ ভিতৰতে অকলে থকা অৱস্থাত আত্মহত্যাৰ দৰে ঘটনা সংঘটিত কৰে উক্ত ছাত্ৰী গৰাকীয়ে। বিপুল দলেৰ আত্মীয় লোকে শুকুৰবাৰে দিনৰ প্ৰায় এঘাৰ বজাত ঘৰৰ ভিতৰলৈ সোমাই থকা যাওঁতে মৃত অৱস্থাত উদ্ধাৰ কৰে মৃনালী দলেক।
ইয়াৰ পিছতে সংলিষ্ট জেংৰাইমুখ আৰক্ষী থানাক ঘটনাৰ সৱিশেষ অৱগত কৰাৰ লগে লগে মাজুলী জিলাৰ উপায়ুক্ত, আৰক্ষী অধীক্ষক তথা জেংৰাইমুখ আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ বুজ লোৱাৰ লগতে যাৱতীয় কাম কাজ কৰে। ইয়াৰ পিছতে মৰনোত্তৰ পৰীক্ষাৰ বাবে গড়মূৰ জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰে।