/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/d195c54a-cb79-4854-b66a-d90479f7fac4/AP_Thumbnail_Dhakuakhana.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা: নদীদ্বীপ মাজুলীক সংযুক্ত কৰা এটা অতি গুৰুত্বপূৰ্ণ পথ। যিটো পথেৰে দৈনিক হাজাৰ হাজাৰ মালবাহী বাহনেৰে মাজুলী জিলা উন্নয়নৰ পৰা আৰম্ভ কৰি মাজুলী-নিমাতী সংযোগী ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মিয়মান দলংৰ সামগ্ৰী অহৰহ হাৰত সৰবৰাহ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/59a6d7c9-67b2-4d62-92e2-13c879655b49/WhatsApp_Image_2023_03_29_at_7_04_21_PM.jpeg)
গোগামুখৰ পৰা ঘিলামৰা-ঢকুৱাখনাহৈ মাজুলী সংযোগী এই দ্বৈত পথটো এতিয়া যাতায়তৰ বাবে সুচল আৰু পথচাৰীৰ বাবে নিৰাপদ হৈ থকা নাই। সদাব্যস্ত এই পথ লোকনিৰ্মান বিভাগৰ খজুৱাৰ পৰা মাজুলী পথৰ জালভাৰী অংশই সম্প্ৰতি ৰূপ লৈছে মৰণ ফাণ্ডৰ। যানবাহনৰ চলাচলতো বাদেই খোজকাঢ়িও নিৰাপদ যাত্রা সম্ভৱ নোহোৱা পথটোৰ এই জালভাৰী অংশত সৃষ্টি হোৱা পুখুৰী সদৃশ বৃহৎ বৃহৎ দ গাঁতত পৰি দৈনিক পথ দুৰ্ঘটনাও সংঘটিত হৈ আহিছে।
পথটোৰ নিৰ্মাণ সংস্থাৰ নিম্ন মানৰ সামগ্ৰীৰে ক্ৰুটিপূৰ্ণ নিৰ্মাণৰ বাবে জালভাৰী অংশৰ পৰা চাৰিকঢ়িয়া দলং পৰ্যন্ত সমগ্ৰ পথচোৱা নিৰ্মাণৰ পাছতেই ভাগি ছিগি উঠি যোৱাৰ পৰৱৰ্তী সময়ত এতিয়া যাতায়ত কৰাত অসুবিধাত পৰিছে স্থানীয় ৰাইজ। লোকনিৰ্মান বিভাগৰ অদূৰদৰ্শিতা আৰু অমনোযোগিতাৰ বাবে দিনক দিনে অত্যাধিক বিপদসংকুল ৰূপ লোৱা এই পথটোৰ বাবেই সমীপৱৰ্তী নাগৰিকৰ জীৱন সম্পত্তিৰ নিৰাপত্তা নোহোৱাৰ পৰিপ্ৰেক্ষিতত বুধবাৰে ৰাইজৰ পঞ্জীভূত ক্ষোভৰ উদ্গীৰণ হয় ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/fe1bc8e9-04ef-456d-a151-8d06b03cd855/WhatsApp_Image_2023_03_29_at_7_04_21_PM__2_.jpeg)
মহকুমা প্ৰশাসন আৰু লোকনিৰ্মান বিভাগক বাৰম্বাৰ অভিযোগ দাখিলৰ পাছতো কোনো ভ্ৰূক্ষেপ নকৰা বাবেই বুধবাৰে অঞ্চলটোৰ মহিলা সকল ৰাজপথলৈ ওলাই আহি পথটোৰে যাতায়ত বন্ধ কৰি সবল প্ৰতিবাদ সাব্যস্ত কৰে। বৃহত্তৰ জালভাৰী গাঁওৰ মহিলা সকলে দুপৰীয়া বিধ্বস্ত ৰাজপথৰ ওপৰত অৱস্থান কৰি পথৰ ওপৰত বাঁহ বান্ধি সুদীর্ঘ সময় ধৰি অৱৰোধ কৰি ৰাখে।
বিভাগ আৰু প্ৰশাসনৰ নিৰ্লিপ্ততাত ক্ষুণ্ণ অতিষ্ঠ ৰাইজে জৰাজীৰ্ণ পথৰ ওপৰত বাঁহ বান্ধি সাব্যস্ত কৰা প্ৰতিবাদৰ ফলত দুয়োফালৰ পৰা যাতায়ত কৰা শ শ যানবাহন বহু সময় ধৰি আবদ্ধ হৈ স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত হয়।
ঘণ্টা জুৰি সাব্যস্ত কৰা প্ৰতিবাদৰ পাছত ঢকুৱাখনা মহকুমাৰ কাৰ্যবাহী দণ্ডাধীশ তথা ৰাজহ চক্ৰ বিষয়া ৰাহুল দলে অৱৰোধস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে আৰু আবদ্ধ যান বাহন সমূহ চলাচল কৰাৰ ব্যৱস্থা কৰে। অতিষ্ঠ ৰাইজে তৎকালে এই মৰণফাণ্ডলৈ পতিত হোৱা পথচোৱা উন্নত মেৰামতি আৰু পুনৰ নিৰ্মান কৰাৰ বাবে প্ৰশাসনীয় বিষয়া গৰাকীক দাবী জনায়।
Also Read: বিতৰ্কই লগ এৰা নাই "অষ্টম অসম ৰাজ্যিক চলচ্চিত্র বঁটা"ক!