মাজুলীত আটক ভুৱা বিত্তীয় প্ৰতিষ্ঠানৰ প্ৰৱঞ্চক : পোহৰলৈ আহিছে বহু তথ্য

গাঁওবাসীক ফিক্সড ,ডিপ'জিত, সঞ্চয় একাউণ্ট, আৰু ঋণ লাভৰ বাবে কোনো নথি-পত্ৰৰ প্ৰয়োজন নাই বুলি ৰাইজৰ মাজত প্ৰচাৰ চলাইছিল
মাজুলীত আটক ভুৱা বিত্তীয় প্ৰতিষ্ঠানৰ প্ৰৱঞ্চক : পোহৰলৈ আহিছে বহু তথ্য

ডিজিটেল সংবাদ,মাজুলী : মাজুলীৰ অলিয়ে গলিয়ে ভুৱা বিত্তীয় প্ৰতিষ্ঠানৰ জাল। সহজ-সৰল মানুহৰ কষ্টোপাৰ্জিত ধনত সেন চকু একাংশ অসাধু চক্ৰৰ। জানিব পৰামতে, জিলাখনৰ বিভিন্ন অঞ্চলৰ লগতে নামনি মাজুলীতো ভুৱা বিত্তীয় প্ৰতিষ্ঠানৰ পয়োভৰ ঘটিছে।

ইতিমধ্যে এনেবোৰ ভুৱা বিত্তীয় প্ৰতিষ্ঠানৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলাইছে। আৰক্ষীৰ এই অভিযানত মাজুলী আৰক্ষীয়ে এগৰাকী প্ৰৱঞ্চকক আটক কৰিছে। জানিব পৰামতে, YESS MONEY DIGITAL নামৰ এটা ভুৱা বিত্তীয় প্ৰতিষ্ঠানৰ বিৰুদ্ধে আৰক্ষীৰ সন্দেহ ওপজে।

সেয়ে মাজুলী আৰক্ষীয়ে উক্ত প্ৰতিষ্ঠানটোৰ সন্দৰ্ভত ভাৰতীয় ৰিজাৰ্ভ বেংক কৰ্তৃপক্ষৰে যোগাযোগ কৰে। আৰক্ষীয়ে যোগাযোগ কৰাত আৰ বি আয়ে জনাই যে,এই ভুৱা বিত্তীয় প্ৰতিষ্ঠানটোৰ কোনো তথ্য বা পঞ্জীয়ন আৰ বি আইৰ ওচৰত নাই।

তেনেস্থলত আৰক্ষীয়ে ভুৱা বিত্তীয় প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে এক অভিযান চলায়। আৰক্ষীৰ এই অভিযানত বহু তথ্য পোহৰলৈ অহাৰ উপৰি প্ৰতিষ্ঠানটোৰ স্বয়ম্ভু চি ই অ' বনমালী হাজৰীকা নামৰ প্ৰৱঞ্চকগৰাকীক আৰক্ষীয়ে আটক কৰে। YESS MONEY DIGITAL নামৰ ভুৱা প্ৰতিষ্ঠানটোৱে কিদৰে মাজুলীৰ সহজ সৰল গাঁৱৰ মানুহক প্ৰবঞ্ছনাৰ জালত পেলাইছিল সেই তথ্যও ইতিমধ্যে পোহৰলৈ আহিছে।

আৰক্ষীৰ ভাষ্য অনুসৰি, ধৃত হাজৰিকাই নিজকে বেংক বিষয়া বুলি পৰিচয় দি সহজ সৰল মানুহক বেংকে ভিন্ন আঁচনিৰ সুবিধা লাভৰ প্ৰলোভন দিছিল। প্ৰতিখন গাঁৱলৈ গৈ ধৃত বনমালীয়ে গাঁওবাসীক ফিক্সড ,ডিপ'জিত, সঞ্চয় একাউণ্ট, আৰু ঋণ লাভৰ বাবে কোনো নথি-পত্ৰৰ প্ৰয়োজন নাই বুলি ৰাইজৰ মাজত প্ৰচাৰ চলাইছিল।

উল্লেখ্য যে, পূৰ্বেও নামনি মাজুলীত এনেধৰণৰ একাধিক ঘটনা সংঘটিত হৈছিল। প্ৰৱঞ্চক বনমালীক ২০২২ চনৰ ৮ ডিচেম্বৰত গুৱাহাটীত অৰ্থনৈতিক অপৰাধ তদন্ত সংস্থা অসমে গ্ৰেপ্তাৰ কৰি জেললৈ নিক্ষেপ কৰিছিল। তাৰ ঠিক ৬মাহ পিচত ধৃত বনামালীয়ে মাজুলীত YESS MONEY DIGITAL বেংকৰ নামেৰে এটা বিত্তীয় প্ৰতিষ্ঠান মুকলি কৰে।

তথ্য অনুসৰি, গড়মূৰ আৰক্ষীয়ে ৬২টা বেংক একাউণ্ট আৰু ৯০হাজাৰ নগদ টকা জব্দ কৰিবলৈ সক্ষম হৈছে। প্ৰৱঞ্চক বনমালী হাজৰিকাই মাজুলীত বেংকৰ এজেন্ট নিয়োগৰ নামত প্ৰতি গৰাকী এজেন্ট পৰা ১০ হাজাৰ টকাকৈ সংগ্ৰহ কৰাৰ তথ্য পোহৰলৈ আহিছে।

বর্তমান গড়মূৰ আৰক্ষী থানাত জিলা আৰক্ষী অধীক্ষক আৰু উপ আৰক্ষী অধীক্ষকে প্ৰৱঞ্চক বনমালী হাজৰিকাক সোধা-পোছা অব্যাহত ৰাখিছে। ইয়াৰোপৰি গড়মূৰ আৰক্ষী থানাত ৪৯/২৩ নম্বৰত গড়মূৰ আৰক্ষীয়ে নিজাববীয়াকৈ এটা গোচৰ ৰুজু কৰিছে। ভাৰতীয় দণ্ড বিধি আইন120b ,406,420 IPC Red with Sec.4,5,6 banning ACt1978 ধাৰাত এই গোচৰ ৰুজু কৰা হৈছে বুলি জানিব পৰা গৈছে।

মাজুলীত আটক ভুৱা বিত্তীয় প্ৰতিষ্ঠানৰ প্ৰৱঞ্চক : পোহৰলৈ আহিছে বহু তথ্য
নীপকোৱে পানী এৰি দিয়াৰ ফলত খুমটাইৰ কেইবাশ হেক্টৰ কৃষিভূমি জলমগ্ন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in