/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/fd0f2cf6-3ff2-4d45-8695-264a40402a8c/08.jpg)
ডিজিটেল সংবাদ,মাজুলী : পুনৰ বিতৰ্কত নাম সাঙোৰ খাইছে দক্ষিণপাট গৃহ আশ্ৰমী সত্ৰ।ভাদ মাহত নামঘৰত গেৰুৱা বসন পিন্ধি নাম পৰিৱেশন কৰাক লৈ নাম সাঙোৰ খাইছে দক্ষিণপাত গৃহ আশ্ৰমী সত্ৰ।
গৃহ আশ্ৰমী সত্ৰৰ নামঘৰত গেৰুৱা বসন পিন্ধি নাম পৰিবেশন কৰা এই সকল ছাত্ৰ ক'ৰ, কি, কিয় বুলি প্ৰশ্ন উত্থাপন কৰে আশ্ৰমী সত্ৰৰ সত্ৰীয়া জনাৰ্দদন দেৱ গোস্বামীয়ে। ২০১২ চনত প্ৰতিষ্ঠা লাভ ৰমানন্দ বেদ বিদ্যালয়ৰ অধ্যয়ন কৰা ছাত্ৰসকলে প্ৰতিষ্ঠা কালৰে পৰা প্ৰতিদিনে পুৱা আৰু সন্ধিয়া আৰতি কৰি আহিছে।
উজনি অসমৰ প্ৰথম খন বেদ বিদ্যালয় অসমৰ লগতে অৰুণাচলৰ ছাত্ৰই অধ্যয়ন কৰি আছে। বিদ্যালয়খনত অধ্যয়ন কৰি থকা ছাত্ৰসকলক পৰিয়াল লোকে চাব পৰাকৈ সন্ধিয়া আৰতি প্ৰায়েই সামাজিক মাধ্যম যোগে দেখুৱাই আহিছে সত্ৰীয়া জনাৰ্দন দেৱ গোস্বামীয়ে।
সামাজিক মাধ্যমত প্ৰচাৰ হোৱা এই ভিডিঅ'ক লৈ পুনৰ অনাহূত বিতৰ্কত সোমাই পৰিছে সত্ৰীয়াগৰাকী। 'মই কোনো গুৰুক অপমান কৰিবলৈ এই কাম কৰা নাই, আমি দামোদৰ দেৱৰ পন্থা, সকলো গুৰুকে সমান ভাবো কোন সৰু বৰ নাই আমাৰ। বেদ বিদ্যালয় সাজ সজ্জা গেৰুৱা,আৰু মোৰ ব্যক্তিগত নামঘৰত ছাত্ৰসকলে এই নাম পৰিৱেশন কৰিছে।' বুলি তেওঁ মন্তব্য কৰে।
Also Read: ৰুক্মিণীগাঁৱত চাৰিচকীয়াই চোচৰাই নিলে স্কুটী আৰেহীক