/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-18/guwdvlvi/aaefdf29-3012-4cf3-96a1-3e4ddfb4e625.jpg)
প্ৰতিনিধিত্বমূলক ফটো
ডিজিটেল সংবাদ,মাজুলী : "হৰি নাম ৰসে/ বৈকুণ্ঠ প্ৰকাশে/ প্ৰেম অমৃতৰ নদী..." আজি পহিলা ভাদ। দ্বিতীয় বৈকুণ্ঠপুৰী লৈ পৰিণত হৈছে সত্ৰভূমি মাজুলী। মাজুলীত ১ ভাদ দেওবাৰৰ পৰা আৰম্ভ হৈছে ভদীয়া কীৰ্ত্তন।
কৃষ্ণ বন্দনাৰে মুখৰিত হৈ পৰিছে মাজুলী আকাশ-বতাহ। আজিৰে পৰা মাজুলীৰ প্ৰতিখন সত্ৰ আৰু নামঘৰত পুৱাৰ পৰা নিশা দুপৰলৈ চাৰি নাম চৈধ্য প্ৰসংগ খোল-তাল সংগতেৰে বৰগীতৰ অমিয়া সুৰে মুখৰিত হৈ থাকিব।
এই পবিত্ৰ ভাদ মাহত মহাপুৰুষ শংকৰদেৱ ,মাধৱদেৱ আৰু বদলা পদ্ম আতাৰ কীৰ্ত্তন। লগতে সত্ৰ আৰু নামঘৰত শ্ৰীকৃষ্ণৰ জন্মাঅষ্টমী পালন কৰা হয়। মাজুলীৰ ৩৫ খন সত্ৰ আৰু ৪শতাধিক নামঘৰত আজিৰে পৰা মুখৰিত হৈ থাকিব হৰি নাম কীৰ্তনেৰে।
মাজুলী নতুন কমলাবাৰী, উত্তৰ কমলাবাৰী, ভোগপুৰ আদি কেইবাখনো সত্ৰত শংকৰদেৱ, মাধৱদেৱ আৰু বদলা পদ্ম আতাৰ তিথি চাৰিদিনীয়াকৈ পালন হ'ব।
Also Read: ৰাজপথত মন্ত্ৰী পীযুষ হাজৰিকাক আগভেটি ধৰিলে প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ সমৰ্থকে