Advertisment

মহাকুম্ভ মেলাত সত্ৰীয়া সংস্কৃতি পৰিবেশন কৰিব আউনীআটী সত্ৰৰ দলে...

ৰাজ্যৰ সত্ৰীয়া সংস্কৃতিৰ বাবে এক যোগাত্মক খবৰ। ১৩ জানুৱাৰীৰ পৰা উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত অনুষ্ঠিত হ’বলগীয়া মহা কুম্ভ মেলাত প্ৰদৰ্শিত হ’ব অসমৰ সত্ৰীয়া সংস্কৃতি।

author-image
Asomiya Pratidin
New Update
মহাকুম্ভ মেলাত সত্ৰীয়া সংস্কৃতি পৰিবেশন কৰিব আউনীআটী সত্ৰৰ দলে...

ডিজিটেল ডেস্কঃ ৰাজ্যৰ সত্ৰীয়া সংস্কৃতিৰ বাবে এক যোগাত্মক খবৰ। ১৩ জানুৱাৰীৰ পৰা উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত অনুষ্ঠিত হ’বলগীয়া মহা কুম্ভ মেলাত প্ৰদৰ্শিত হ’ব অসমৰ সত্ৰীয়া সংস্কৃতি। উত্তৰ প্ৰদেশ চৰকাৰৰ মতে প্ৰায় ৪৫০ নিযুতৰো অধিক তীৰ্থযাত্ৰীস সাধু, সন্ন্যাসী আৰু পৰ্যটকৰ আগমণ হ’বলগীয়া এই মহাকুম্ভ মেলাত মাজুলীৰ সত্ৰীয়া সংস্কৃতি প্ৰদৰ্শনৰ এই খবৰে যথেষ্ট আশাৰ সঞ্চাৰ কৰিছে।

Advertisment

মাজুলীৰ ঐতিহাসিক আউনিআটী সত্ৰৰ সত্ৰাধিকাৰ পীতাম্বৰ দেৱগোস্বামীৰ নেতৃত্বত যাবলগীয়া শিল্পীসকলৰ দলটোৱে মহা কুম্ভ মেলাত ৰাম বিজয় নাট পৰিবেশন কৰাৰ লগতে আউনীআটী সত্ৰৰ অপ্সৰা নৃত্য আৰু হিয়ানাম পৰিবেশন কৰিব।

মহাকুম্ভ মেলাস্থলীত মাজুলীৰ বৈষ্ণৱসকলে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা অন্তিমখন নাট ৰাম বিজয় চুটিকৈ পৰিবেশন কৰিব। এই নাটখনৰ কাহিনী ভাগ ৰামায়ণৰ আদিকাণ্ডৰ আৰু ৰাম বিজয় নাটখনৰ মূল ভাষা ব্ৰজাৱলী। 

অপ্সৰা নৃত্য আউনীআটী সত্ৰৰ মুখ্য নৃত্যুসমূহৰ ভিতৰত অন্যতম। এই নৃত্য ভাগৱত বৰ্ণিত কাহিনীৰ আধাৰত সৃষ্টি হৈছে।  আনহাতে হিয়ানাম হৈছে মাজুলীৰ সত্ৰসমূহত প্ৰচলিত হোৱা নামসমূহৰ ভিতৰত অন্যতম । লেছাৰি সুৰত গোৱা হিয়ানামত গায়ন-বায়নসকলে শ্ৰীকৃষ্ণৰ গুণানুকীৰ্তন কৰে । 

আউনীআটীসত্ৰৰ সত্ৰাধিকাৰ পীতাম্বৰ দেৱগোস্বামীয়ে সাংবাদিকৰ আগত এই সন্দৰ্ভত কয়, আমি ৪০ জন বৈষ্ণৱৰ সহিতে কুম্ভ মেলালৈ যোৱাৰ উদ্যোগ গ্ৰহণ কৰিছো। এইবাৰ আমাৰ উত্তৰ প্ৰদেশলৈ যোৱাৰ ক্ষেত্ৰত উত্তৰ গুৱাহাটীৰ ঋষি কেশৱ দাসৰ যোগেদি গোটেই ব্যৱস্থা কৰা হৈছে। তেওঁৱেই থকা, খোৱাৰ সকলো ব্যৱস্থা কৰিছে।

তেওঁ কয়, ৪০ জনীয়া দলটোৱে কুম্ভ মেলাত অংকীয়া ভাওনা ৰাম বিজয়, অপ্সৰা নৃত্য, হিয়া নাম প্ৰদৰ্শন কৰিব। কুম্ভ মেলাত থকাৰ প্ৰায় ১০ দিনীয়া সময়ত মাজুলীৰ সত্ৰত কৰাৰ দৰেই চাৰি প্ৰসংগ কৰা হ’ব। তাৰোপৰি এইবাৰ ভাগৱত ব্যাখ্যাও কৰাৰ ব্যৱস্থা কৰা হৈছে।

পূৰ্বে মহা কুম্ভ মেলালৈ কেৱল স্নান কৰিবলৈহে যোৱা হৈছিল বুলি উল্লেখ কৰি তেওঁ কয়, এইবাৰ প্ৰথমবাৰৰ বাবে এইদৰে সাংস্কৃতিক পৰিবেশৰ মাজেৰে ওলাইছো। যিহেতু মাজুলীৰ পৰা যাম সেয়ে মাজুলীৰ সংস্কৃতি, সত্ৰীয়া সংস্কৃতিক তুলি ধৰিম।  

আউনীআটী সত্ৰ মহা কুম্ভ মেলা