মাজুলীত সৰ্প দংশনত এজন যুৱকৰ মৃত্যু...

সময়মতে এণ্টিভেনম নিদিয়াৰ অভিযোগ পৰিয়ালৰ

author-image
Asomiya Pratidin
New Update
মাজুলীত সৰ্প দংশনত এজন যুৱকৰ মৃত্যু...

মাজুলীত সৰ্প দংশনত এজন যুৱকৰ মৃত্যু...

ডিজিটেল সংবাদ মাজুলীঃ মাজুলী বৰালিমৰা গাঁৱৰ জিতেন দলে (৩০) নামৰ এজন ব্যক্তিৰ আজি সৰ্প দংশনত মৃত্যু হয়। জানিব পৰা মতে দুপৰীয়া গৰু পানী খুৱাবলৈ যোৱা অৱস্থাত সৰ্পই দংশন কৰে দলেক।

Advertisment

ইয়াৰ পিছতে তেওঁক গড়মূৰ জিলা চিকিৎসালয়ৰ ICU ত ততাতৈয়াকৈ ভৰ্তি কৰিছিল যদিও ICU তে মৃত্য হয় জিতেন দলেৰ। পৰিয়ালৰ লোকৰ মতে গড়মূৰ পীতাম্বৰ দেৱ অসামৰিক জিলা চিকিৎসালয়ত ভৰ্তী কৰোৱালৈকে জীৱিত অৱস্থাত আছিল যুৱক জন। কিন্তু উপযুক্ত সময়ত এন্টিভেনাম নিদিয়াৰ ফলতেই দলেৰ মৃত্যু হয় বুলি অভিযোগ পৰিয়ালৰ।

ইফালে চিকিৎসকে মৃত ঘোষণা কৰা পিছতো পৰিয়ালৰ লোকে মৃত যুৱক জনক জেংৰাইমুখৰ ছেইণ্ট পল বিদ্যালয়লৈ আনিছিল যদিও ছেইন্ট পল স্কুলতো মৃত বুলিয়েই ঘোষণা কৰে জীৱন দলেক।

Also Read: প্রয়াত সাংবাদিক প্রবোধ কুমাৰ ভট্টাচাৰ্য্যৰ স্মৃতিচাৰণ সভা সম্পন্ন...

সৰ্প দংশন