/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/majukli.jpg)
ডিজিটেল সংবাদ, মাজুলী: চৰকাৰী বিদ্যালয়ৰ মাধ্যম আৰু শিক্ষা খণ্ডৰ আন কিছু বিষয়ক লৈ চৰ্চা চলি থকাৰ মাজতে এক দৃশ্যই চৰকাৰী খণ্ডৰ বিদ্যালয় সমূহত একাংশ শিক্ষকে কিমান দায়বদ্ধতা আৰু আন্তৰিকতাৰে পাঠ দান কৰে তাক প্ৰমাণ কৰে।
মাজুলীৰ শিক্ষা খণ্ডৰ অন্তৰ্গত নামনি মাজুলীৰ ২২নং কাকৰিকটা প্ৰাথমিক বিদ্যালয়ত শনিবাৰে শতাধিক ছাত্ৰ- ছাত্ৰীয়ে চিঞৰি চিঞৰি কান্দি সমগ্ৰ পৰিৱেশ শোকাকুল কৰি তোলে । বিদ্যালয়খনৰ এজন প্ৰিয় শিক্ষাগুৰুৰ বদলিৰ বাবে আজি ছাত্ৰ- ছাত্ৰীয়ে হিয়া ঢাকুৰি কান্দে ।
নামনি মাজুলীৰ ২২ নং কাকৰিকটা প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক অৱিনাশ নাথক মাজুলীৰ শিক্ষা বিভাগে আজি পহুমৰা প্ৰাথমিক বিদ্যালয়লৈ বদলি কৰে । ২০১৭ চনৰপৰা পৰা কাকৰিকটা প্ৰাথমিক বিদ্যালয়ত শিক্ষা দান কৰা ৰঙাচাহী পহুমৰা নাথ গাঁৱৰ যুৱ- শিক্ষক অৱিনাশ বিদ্যালয়খনৰ অতি প্ৰিয় শিক্ষক আছিল ।
ছাত্ৰ- ছাত্ৰী, সহকৰ্মী, অভিভাৱক, স্থানীয় ৰাইজৰ মাজত প্ৰিয়ভাজন অৱিনাশ নাথে আজি কাকৰিকটা প্ৰাথমিক বিদ্যালয়ৰ পৰা বিদায় ল'বলৈ পুৱা বিদ্যালয়খনত উপস্থিত হোৱাৰ লগে লগেই এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয় । শিক্ষক নাথে আহি বিদ্যালয় খনৰ প্ৰৱেশ দ্বাৰত সেৱা কৰাৰ লগে লগেই সকলো ছাত্ৰ, ছাত্ৰী, শিক্ষক- শিক্ষয়িত্ৰী, অভিভাৱক, স্থানীয় ৰাইজ ওলাই আহিল আৰু শেষ বাৰৰ বাবে শিক্ষকজনৰ লগত বাৰ্তা লাপ কৰি শোকাহত হৈ পৰে।
শিক্ষক অৱিনাশে আৱেগ সামৰি বিদ্যালয়ৰ প্ৰতিটো শ্ৰেণী কোঠাত সোমাই আৰু ছাত্ৰ- ছাত্ৰীসকলৰ পৰা বিদায় লোৱা মূহুৰ্তত সকলো ছাত্র- ছাত্ৰী কান্দোনত ভাগি পৰে । কান্দি কান্দি বহুতো ছাত্ৰ- ছাত্ৰীয়ে শিক্ষক অৱিনাশ নাথক গামোচা পিন্ধাই আৰু বিদ্যালয়ৰ পৰা আগবঢ়াই দিয়ে ।
বিদ্যালয় কৰ্তৃপক্ষৰ তৰফৰ পৰা শিক্ষক অৱিনাশ নাথক আনুষ্ঠানিকভাৱে বিদায় জনোৱা মূহুৰ্তত সকলো আৱেগিক হৈ পৰে । বহুতো ছাত্র- ছাত্ৰী, পৰিচালনা সমিতিৰ সদস্য, বিদ্যালয়ৰ শিক্ষক- শিক্ষয়িত্ৰী, অভিভাৱকে অৱিনাশ নাথক গামোচা পিন্ধাই বহুত দূৰলৈ আগবঢ়াই দিয়ে ।
কাকৰিকটা গাঁৱৰ ৰাইজেও মৰম সন্মান জনাই আজি শিক্ষকজনক বিদায় জনাই আৱেগিক হৈ পৰে । এজন প্ৰিয় শিক্ষাগুৰুক বিদ্যালয় খনৰ পৰা বিদায় দি সকলো শোকাহত হৈ পৰা দেখা যায় ।
আৰু পঢ়ক: বেজালী কৰাৰ চলেৰে মহিলাক যৌন নিৰ্যাতন কৰাৰ অভিযোগ…