/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/majuli-4.jpg)
ডিজিটেল সংবাদ, মাজুলি : ৰূপান্তৰৰ খনিকৰ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ আজি ৪৫৪ সংখ্যক তিৰোভাৱ তিথি। দ্বিতীয় বৈকুণ্ঠ পুৰী লৈ পৰিণত হৈছে সত্ৰভূমি মাজুলী। গুৰু বন্দনাৰে মুখৰিত মাজুলী আকাশ বতাহ । মাজুলীৰ প্ৰতিখন সত্ৰ আৰু নামঘৰত পুৱাৰ পৰা নিশা দুপৰলৈ চাৰি নাম চৈধ্য প্ৰসংগ খোল তাল বৰগীতৰ অমীয়া সুৰে মুখৰিত হৈ থাকিব।
মাজুলীৰ ভোগপুৰ, উত্তৰ কমলাবাৰী, নতুন কমলাবাৰী সত্ৰত ৪ দিনীয়াকৈ মহাপুৰুষ জনাৰ তিৰোভাৱ তিথি কীৰ্তন হিচাপে উদযাপন কৰিছে। প্ৰথম দিনা চাউল ভোজনী থাপনি আৰু আজি মূলতিথি ইয়াৰ পাছত কাইলৈ ভাঙনী হ'ব। আজি পুৱাৰ পৰা পুৱাগীত, নামঘোষা, কীৰ্তন ঘোষা পাঠ কৰাৰ পাছত গায়ন-বায়ন, বিহাৰ নৃত্য, ওজাপালি, কীৰ্ত্তনীয়া আদি পৰিবেশিত কৰা হ'ব।
মহাপুৰুষ জনাৰ তিৰোভাৱ তিথি মাজুলীৰ ৩৩ খন সত্ৰৰ চাৰি শতাধিক নামঘৰত আজি উদযাপন কৰা হৈছে।
ঐতিহাসিক কমলাবাৰী সত্ৰত শংকৰ গুৰুজনাৰ তিথি বিস্তৃত আড়ম্বৰপূৰ্ণ ভাবে পালন কৰি আহিছে। কাৰ্যসূচী চাৰিদিনীয়া : চাউল ভোজনী, থাপনি মূল কীৰ্তন আৰু ভাঙনী।
কমলাবাৰী সত্ৰৰ গুৰু কীৰ্তন হ'ল সত্ৰৰ সমুদায় সংগীত সম্ভাৰক অক্ষুন্ন অবিছিন্ন ৰীতিৰে পৰিবেশন কৰি তোলাৰ এটি বছৰেকীয়া কাৰ্যক্ৰমনিকা। কিন্তু প্ৰতিবছৰৰ দৰে এই বৰ্ষত ভাওনা পৰিবেশন নহয় কভিডৰ বাবে। নামৰ প্ৰেম অমৃতৰ নদী বৈছে সত্ৰই নামঘৰে। তেৰাৰ নাম যশ একচিত্তে ভকত বৈষ্ণৱ সমস্তে সৱে কীৰ্তন কৰিছে।