মাজুলীত বিভিন্ন দাবীৰ সমৰ্থনত অংগনৱাড়ী কৰ্মী-সহায়িকাৰ প্ৰতিবাদ

মাজুলীত বিভিন্ন দাবীৰ সমৰ্থনত অংগনৱাড়ী কৰ্মী-সহায়িকাৰ প্ৰতিবাদ

ডিজিটেল সংবাদ, মাজুলী: ৰাজ্যখনৰ লগতে মাজুলীতো যোৱা ২৪ এপ্ৰিলৰ পৰা তিনিদিনীয়াকৈ বিভিন্ন দাবীৰ সমৰ্থনত বুধবাৰে সম্পন্ন হয় ৰাজ্যিক অংগনৱাড়ী কৰ্মী-সহায়িকা সংস্থাৰ প্ৰতিবাদী কাৰ্যসূচী। মাজুলী জিলাৰ উজনি মাজুলী জেংৰাইমুখ আৰু মাজুলীৰ কমলাবাৰীৰ সংহত শিশু উন্নয়ন প্ৰকল্প কাৰ্যালয়ৰ সন্মুখত শ শ অংগনৱাড়ী কৰ্মী,মিনি অংগনৱাড়ী কৰ্মী- সহায়িকাসকলে তেওঁলোকৰ ন্যাৰ্য প্ৰাপ্তি দাবীৰ সমৰ্থনত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

অংগনৱাড়ী কৰ্মী-সহায়িকাসকলে হাতে হাতে প্লেকাৰ্ড লৈ ৰাজ্য চৰকাৰৰ ঘোষণা অনুসৰি অৱসৰী সকলো অঙ্গনবাড়ী কর্মী সহায়িকাসকলক প্রাপ্য এককালীন সাহায অতি শীঘ্ৰে আদায় দিয়ক, অংগনৱাড়ী কর্মী, মিনি কর্মী আৰু অঙ্গনৱাড়ী সহায়িকাসকলক মাননিৰ সলনি মজুৰি প্ৰদান কৰক, মজুৰি প্ৰচলিত শ্রম আইন অনুসৰি উপযুক্তভাবে নিৰ্দ্ধাৰণ কৰক,মজুৰি দিব নোৱাৰালৈকে মাহিলি মাননি অতি কমেও ১০ হাজাৰ টকা আদায় দিয়াৰ বাজেট প্রস্তাব সংযোগ কৰক, প্ৰতিটো অঙ্গনৱাড়ী কেন্দ্ৰৰ ঘৰ উন্নত আস্তঃ গাঁথনি সম্পন্নকৈ নিৰ্মাণ কৰি দিয়ক, নতুন শিক্ষানীতিৰ আধাৰত প্ৰাক্‌ প্ৰাথমিক শিক্ষা সংযোগ কৰিলে প্ৰতিগৰাকী কর্মী সহায়িকাক চৰকাৰী কৰ্মচাৰীৰ স্বীকৃতি দিয়াৰ ব্যৱস্থা কৰক, মিনি কেন্দ্রসমূহ পূৰ্ণাঙ্গ কেন্দ্ৰলৈ ৰূপান্তৰ কৰি মিনি কৰ্মীক পুর্ণাঙ্গ কৰ্মীৰ মৰ্যদা প্ৰদান কৰক আদি বিভিন্ন শ্লগানেৰে উত্তাল কৰি তোলে। উল্লেখ্য যে, আই চি ডিগ্ৰছৰ তৃণমূল স্তৰৰ কৰ্মৰত অঙ্গনবাড়ী কর্মী, মিনি কেন্দ্ৰৰ কৰ্মী আৰু সহায়িকাসকলে শিশু আৰু গৰ্ভৱতী মহিলাৰ যতন লৈ মানৱ সম্পদ বিকাশৰ বুনিয়াদী ভেটি গঢ়ি তোলাৰ বুনিয়াদী আঁচনিখনত সেৱা আগবঢ়াই আহিছে।

মুখ্যমন্ত্ৰীৰ সুদৃষ্টিত বিগত সময়ত আই চি ডি এচৰ বিকাশৰ বাবে অতি প্ৰশংসনীয় পদক্ষেপ হাতত লৈছে। তাৰবাবে আমি গৌৰৱান্বিত। কিন্তু একেটা সময়ত তৃণমূল পৰ্যায়ত সীমাহীন পৰিশ্ৰম কৰি সেৱা আগবঢ়াই থকা অঙ্গনবাড়ী কর্মী, মিনি কৰ্মী আৰু সহায়িকাসকলৰ প্ৰতিও মুখ্যমন্ত্ৰী আৰু সমাজ কল্যাণ মন্ত্ৰীগৰাকীৰ সুদৃষ্টি, সুবিচাৰ আমি আশা কৰো। এই কথা নকৈ দোহৰাৰ প্ৰয়োজন নাই যে তৃণমূল স্তৰৰ এই কৰ্মচাৰীসকলৰ পৰিশ্ৰম অবিহনে আই চি ডি এচৰ শক্তিশালী ৰূপায়ণ সম্ভৱ নহয়।

এই কৰ্মী আৰু সহায়িকা সকলে চৰকাৰৰ সকলো আঁচনিৰ ৰূপায়ণৰ কাম কৰে। কিন্তু চৰকাৰে বিভাগীয় কৰ্মচাৰী হিচাপে স্বীকৃতি প্ৰদান কৰা নাই । অঙ্গনবাড়ী কৰ্মী আৰু সহায়িকা সকলে দীঘদিন ধৰি মাননিৰ সলনি মজুৰি বিচাৰি চৰকাৰক দাবী জনাই আহিছে। কামৰ বিনিময়ত উপযুক্ত মজুৰি পোৱাতো দেশৰ সংবিধান প্রদত্ত অধিকাৰ।

প্রচলিত শ্রম আইন সমূহেও তাকেই নির্দেশনা দি আহিছে। ভারতীয় শ্রম সন্মিলনৰ ৪৪ আৰু ৪৫ বৈঠকৰ পৰামৰ্শ মতে বৰ্তমানৰ বজাৰত বস্তুৰ দাম অনুসৰি একোজন কৰ্মচাৰীৰ পাৰিতোষিক অতি কমেও মাহিলি ২১ হাজাৰ টকা পোৱাটো যুক্তিসংগত। আনহাতে দীর্ঘদিন ধৰি খালী হৈ থকা কৰ্মী পদত উপযুক্ত দক্ষতা থকা সহায়িকাসকলে কৰ্মীৰ কাম কৰি আহিছে। বিভাগীয় কর্তৃপক্ষই যোৱা সময়ছোৱাত সহায়িকাক কৰ্মী পদলৈ উন্নিত কৰাৰ ক্ষেত্ৰত বয়সৰ সময়সীমাৰ অজুহাতত বঞ্চিত কৰি ৰাখিছে।

মাজুলীত বিভিন্ন দাবীৰ সমৰ্থনত অংগনৱাড়ী কৰ্মী-সহায়িকাৰ প্ৰতিবাদ
অচেতন অৱস্থাতে যুৱকক দলবদ্ধ প্ৰহাৰ, মৃত্যু...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in