ভূপালত প্ৰদৰ্শিত হ'ব গুৰুজনাৰ সৃষ্টি 'ৰাম বিজয়' নাট...

৭ দিনীয়াকৈ অনুষ্ঠিত হৈছে 'আন্তঃৰাষ্ট্ৰীয় শ্ৰীৰামলীলা উৎসৱ'

author-image
Asomiya Pratidin
New Update
ভূপালত প্ৰদৰ্শিত হ'ব গুৰুজনাৰ সৃষ্টি 'ৰাম বিজয়' নাট...

kamalabari sattra

ডিজিটেল সংবাদ, মাজুলী : বৈষ্ণৱ সংস্কৃতিৰ ধ্বজা উৰাই অহা উত্তৰ কমলাবাৰী সত্ৰখনে সীমাৰ পৰিধি ভাঙি সত্ৰীয়া সংস্কৃতিৰ প্ৰচাৰ প্ৰসাৰৰ ধাৰা অব্যাহত ৰাখিছে। মধ্যপ্ৰদেশৰ ভূপালত মধ্যপ্ৰদেশ চৰকাৰৰ সাংস্কৃতিক বিভাগৰ সহযোগত আৰু জনজাতীয় লোক কলা বিকাশ একাডেমী সাংস্কৃতিক পৰিষদৰ উদ্যোগত ৭ দিনীয়াকৈ অনুষ্ঠিত হৈছে 'আন্তঃৰাষ্ট্ৰীয় শ্ৰীৰামলীলা উৎসৱ'।

Advertisment

১৬ অক্টোবৰ পৰা ২২ অক্টোবৰলৈ অনুষ্ঠিত হোৱা এই ৰামলীলা উৎসৱত থাইলেণ্ড, ইণ্ডোনেছিয়া, ইউ. এ.ই., শ্ৰীলংকা, ফিজী, মালেছিয়া, আৰু ভাৰতবৰ্ষৰ কৰ্ণাটক, উৰিষ্যা, অযোধ্যাৰ লগতে অসমক প্ৰতিনিধিত্ব কৰিবলৈ উত্তৰ কমলাবাৰী সত্ৰক আমন্ত্ৰণ জনাইছে।

মধ্যপ্ৰদেশ চৰকাৰ সাংস্কৃতিক বিভাগৰ আমন্ত্ৰণ ক্ৰমে ২২ জনীয়া বৈষ্ণৱ শিল্পীদলে গুৰুজনাৰ অমৰ সৃষ্টি গায়ন -বায়ন আৰু 'ৰাম বিজয়' নাট পৰিৱেশন কৰিব অহা ১৯ অক্টোবৰত।

উত্তৰ কমলাবাৰী সত্ৰৰ শংকৰদেৱ কৃষ্টি সংঘৰ সম্পাদক তীৰ্থ ভূঞা বৰগায়নৰ নেতৃত্বত যোৱা দলটিত আছে ক্ৰমে পৰিচালক ভৱেন বৰবায়ন, সহ-পৰিচালক উপেন বৰগায়ন, জগন্নাথ বৰবায়ন, কৃষ্ণ কুমাৰ বৰবায়ন, কৃষ্ণ ৰাম হাজৰিকা বৰবায়ন, কৃষ্ণ শইকীয়া, ৰঞ্জন হাজৰিকা, শ্যাম বৰুৱা, ভাস্কৰ বায়ন, পৰমানন্দ গায়ন, অজিত বৰুৱা, গোপাল গায়ন, পদ্ম কলিতা বায়ন, দেবানন্দ গায়ন, অচ্যুত কাকতি, তপন কলিতা, সৰ্বানন্দ দুৱৰীয়া, মুকুন্দ বৰবায়ন, নন্দেশ্বৰ বৰবায়ন, দীননাথ বৰুৱা আৰু পবিত্ৰ গায়ন।

১৬৭৩ চনতে প্ৰতিষ্ঠিত সত্ৰখনে সত্ৰীয়া সংস্কৃতিৰ বৰ্ণিল বিশাল শোভাযাত্ৰাৰ জৰিয়তে সত্ৰীয়া সংস্কৃতিৰ বিশ্বমুখী যাত্ৰা বিৰামহীনভাৱে অব্যাহত ৰাখিবলৈ কৰা এয়া এক ক্ষুদ্ৰ প্ৰয়াস। লগতে দলটিয়ে সমস্তৰে শুভাশীষ কামনা কৰিছে ।

assam majuli kamalabari sattra