/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/majuliii.jpg)
ডিজিটেল সংবাদ, মাজুলী : দেশপ্ৰেম, ভাতৃত্ববোধ একতাৰ অমৃত বাণীৰে স্বাধীনতা দিৱসৰ দিনা ত্ৰিৰংগাৰ তলত সকলো ভাৰতীয়ই একেলগে সমবেত হৈ স্বাধীনতাৰ জয়গান গালে। সমগ্ৰ দেশ তথা ৰাজ্যৰ লগতে মাজুলীতো সোমবাৰে ৭৬ সংখ্যক স্বাধীনতা দিৱস গড়মূৰস্থিত কাছাৰী ময়দানত কেন্দ্ৰীয়ভাৱে উদযাপন কৰা হয়। মাজুলী জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত হোৱা কাৰ্যসূচী অনুসৰি পুৱা ৫ বজাৰ পৰা ৬ বজালৈ তথ্য আৰু জনসংযোগ বিভাগৰ দ্বাৰা দেশপ্ৰেম মূলক গীত মাত পৰিবেশনৰ দ্বাৰা দিনটোৰ কাৰ্য্যসূচী আৰম্ভ হয়। এই উপলক্ষে পুৱা ৯ বজাত কছাৰী ময়দানত ৰাষ্ট্ৰীয় পতাকা আনুষ্ঠানিকভাৱে উত্তোলন কৰে জিলা উপায়ুক্ত পুলক মহন্তই ।
ইয়াৰ পাছতে জিলা উপায়ুক্তই আৰক্ষী বাহিনী তথা কেন্দ্ৰীয় অৰ্ধ সামৰিক বাহিনী, এন চি চি, স্কাউত গাইডৰ দ্বাৰা প্ৰদৰ্শিত কুছ কাৱাজৰ অভিবাদন গ্ৰহণ কৰে। ইয়াৰ পূৰ্বে উপায়ুক্তগৰাকীয়ে জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন ও পুষ্পাঞ্জলী অৰ্পণ কৰে। পতাকা উত্তোলনৰ পিছত ভাষণ প্ৰসংগত উপায়ুক্তগৰাকীয়ে দেশৰ স্বাধীনতাৰ বাবে প্ৰাণ আহুতি দিয়া বীৰ বীৰাংগনা, শ্বহীদসকলৰ প্ৰতি গভীৰ শ্ৰদ্ধা জনাই উপস্থিত ৰাইজৰ ওচৰত জিলাখনৰ উন্নয়নৰ এক খতিয়ান দাঙি ধৰে আৰু সভাত উপস্থিত মুক্তিযোদ্ধাসকলক সম্বৰ্ধনা জ্ঞাপন কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/majuuuuuu-1024x576.jpg)
এই অনুষ্ঠানত মাজুলীৰ স্থানীয় বিধায়ক ভূৱন গাম, মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য মহোদয়, জিলা ও সত্ৰ ন্যায়াধীশকে প্ৰমূখ্য কৰি ন্যায়িক বিষয়াসকল তথা জিলা প্ৰশাসন আৰু অন্যান্য বিভাগসমূহৰ উচ্চপদস্থ বিষয়াসকল আৰু জিলাখনৰ গণ্য মান্য ব্যক্তিসকল মূখ্যতঃ উপস্থিত থাকে। এই কাৰ্যসূচীত বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীয়ে দৰ্শকৰ মন প্ৰাণ কলুষিত কৰি তোলে।
দুপৰীয়া মাজুলী জিলাৰ বণিক সন্থাৰ সহযোগত কমলাবাৰী সামূহিক স্বাস্থ্য কেন্দ্ৰ, শ্ৰী শ্ৰী পীতাম্বৰ দেৱগোস্বামী জিলা চিকিৎসালয়, জেংৰাইমুখ আদৰ্শ চিকিৎসালয় আৰু জিলা কাৰাগাৰৰ কাৰাবন্দী সকলৰ মাজত ফল মূল বিতৰণ কৰা হয়। বিয়লি মাজুলী জিলা প্ৰশাসন ও জিলা ও সত্ৰ ন্যায়াধীশৰ কাৰ্য্যালয়ৰ মাজত এখন প্ৰীতি ফুটবল খেল অনুষ্ঠিত কৰা হ'ব আৰু সন্ধিয়া কছাৰী ময়দানত বন্তি প্ৰজ্বলনৰ এটা কাৰ্যসূচী ৰূপায়ন কৰা হ'ব।
আৰু পঢ়ক : ৭৭ বছৰে নেতাজী সুভাষ চন্দ্ৰ বসুৰ দেহৰ অৱশিষ্টাংশ ক'ত সংৰক্ষিত হৈ আছে?…