পুৱাই টকা বিচাৰি জেংৰাইমুখ থানাত ভিৰ মাজুলীৰ শতাধিক পুৰুষ মহিলাৰ...

মাজুলী লাইফ হেলথ কেয়াৰ কোম্পানীৰ মালিক পলাশ বৰাক গ্ৰেপ্তাৰ
পুৱাই টকা বিচাৰি জেংৰাইমুখ থানাত ভিৰ মাজুলীৰ শতাধিক পুৰুষ মহিলাৰ...
পুৱাই টকা বিচাৰি জেংৰাইমুখ থানাত ভিৰ মাজুলীৰ শতাধিক পুৰুষ মহিলাৰ...

ডিজিটেল সংবাদ মাজুলীঃ মাজুলী লাইফ হেল্ড কেয়াৰ কোম্পানী নামেৰে ভুৱা প্ৰতিষ্ঠান গঢ়ি মালিক পলাশ জ্যোতি বৰাই চলিত বৰ্ষৰ জানুৱাৰীত উজনি মাজুলী উন্নয়ন খণ্ডৰ অন্তৰ্গত বিভিন্ন গাঁও পঞ্চায়তৰ জৰিয়তে আৰম্ভ কৰিছিল ই-ক্লিনিক ভুৱা প্ৰতিষ্ঠান। উক্ত ভুৱা প্ৰতিষ্ঠানটোৰ লগত নাম সাঙোৰ খাইছে প্ৰাক্তন শ্ৰী ৰাম পঞ্চায়তৰ সভাপতি ৰমেশ বৰুৱাৰ নাম।

এই ভুৱা স্বাস্থ্য খণ্ডৰ নামত লাখ লাখ টকা লুটি উধাও হোৱা লাইফ কোম্পানীৰগৰাকী যোৰহাটৰ পলাশ জ্যোতি বৰাক সোমবাৰে নিশা ঢকুৱাখনৰা পৰা কৌশলেৰে ৰাইজে ধৰি আৰক্ষীক গতাই দিয়ে। অভিযোগ অনুসৰি উজনি মাজুলীৰ প্ৰায় ২০ খনৰো অধিক গাঁৱৰ ডেৰ শতাধিক পুৰুষ মহিলাৰ পৰা চাকৰি দিয়াৰ নামত আৰু স্বাস্থ্য সেৱা ৰেহাই কাৰ্ডৰ নামত লুটিছিল ধন।

ইয়াৰোপৰি কোম্পানীটোৱে কৰিছিল তেজ, মৌ, বিভিন্ন ঔষধিযুক্ত গছৰ ছালৰ ব্যৱসায়। এই প্ৰতিষ্ঠানটোৱে মাজুলীত তেজ পৰীক্ষাৰ শিবিৰ পাতি তেজ সংগ্ৰহ কৰি পঠাইছিল গুৱাহাটীস্থিত এপ'লো হস্পিতাললৈ।

ইয়াৰোপৰি ঔ-টেঙাৰ গুৰি,মানিমুনি, ভেডাইলতা, জমলাকুতি, অৰ্জুন চালৰ গুৰি, হঠমুলৰ গুৰি,তৌৰা কদম চালৰ গুৰি,আদি সংগ্ৰহৰ বাবে বহুলোকক কামত লগোৱা হৈছিল আৰু তাৰ বিনিময়ত পইচা দিম বুলি প্ৰতিশ্ৰুতি দিছিল।

আন এক অভিযোগ অনুসৰি আকৌ বিভিন্নজনৰ পৰা চাকৰিৰ নামত হাজাৰৰ পৰা লাখ টকালৈকে সংগ্ৰহ কৰিছিল অভিযুক্ত পলাশ বৰাই। অতি দৰিদ্ৰ শ্ৰেণীৰ লোকৰ পৰা প্ৰলোভনেৰে লুটিছিল ধনসমূহ।

স্বাস্থ্য কৰ্মী নিয়োগৰ বাবে প্ৰকাশ কৰিছিল বিজ্ঞাপন। ইয়াত প্ৰায় এশগৰাকী যুৱতী-মহিলা নিয়োগ কৰাৰ বাবদ প্ৰত্যেকৰ পৰা ৫ হেজাৰ টকালৈ সংগ্ৰহ কৰে। সেইমতে তেওঁলোকক দৰমহাৰ নামত  ৮ হেজাৰ টকাকৈ প্ৰদান কৰিব বুলি প্ৰতিশ্ৰুতি দিছিল।

তেওঁলোকক ছমাহ প্ৰশিক্ষণ দিয়াৰ কথা আছিল যদিও কাৰ্যতঃ প্ৰশিক্ষণ দিছিল মাত্ৰ দুদিন। চাকৰি দিয়াৰ প্ৰলোভনেৰে প্ৰায় এশগৰাকী যুৱতী-মহিলাক কৰ্ডিনেটৰ,নাৰ্চ, কাৰ্যালয় সহায়ক কৰ্মচাৰী আদি বিভিন্ন পদবীত শ্ৰেণী বিভাজন কৰিছিল।

এইসকল যুৱতী-মহিলাৰ জৰিয়তে ই-ক্লিনিকৰ নামত হেলথ কেয়াৰ কাৰ্ড প্ৰদান কৰাৰ  বাবদ সাধাৰণ জনতাৰ পৰা সংগ্ৰহ কৰে পাঁচশকৈ টকা। ই-ক্লিনিকৰ নাৰ্চৰ দৰে পশু চিকিৎসাৰ বাবেও পশু মিত্ৰ নামেৰে নিযুক্ত দিয়ে বহুজনক ।

এই পদত নিযুক্তিৰ বাবে প্ৰাৰ্থীয়ে দিছিল দহ হাজাৰকৈ টকা। ইয়াৰ বিনিময়ত তেওঁলোকে মাহেকীয়া বেতন লাভ কৰিব বুলি প্ৰতিশ্ৰুতি দিছিল। কিন্তু দৰমহা দিয়াৰ দিন আহি পৰাত আজি দিম, কালি দিমকৈ পিছুৱাই থাকিল। এইসকলৰ কোনেও লাভ নকৰিলে প্ৰাপ্য দৰমহা।

এনে পৰিস্থিতিত সোমবাৰে নিশা পলাশ বৰাক আৰক্ষীয়ে আটক কৰাৰ খবৰ পোৱাৰ পাছতে আজি পুৱাৰে পৰা জেংৰাইমুখ থানাত পইছা আদায় দিয়াৰ বিভিন্ন নথি-পত্ৰ হাতত লৈ ভিৰ কৰে বিনিয়োগকাৰী তথা প্ৰলোভনত পৰি ধন দিয়া লোকসকলে।

জানিব পৰা মতে অভিযুক্ত পলাশ বৰাই মুঠ প্ৰায় ৩০ লাখতকৈও অধিক টকা সংগ্ৰহ কৰে মাজুলীৰ দৰিদ্ৰ নিবনুৱা সাধাৰণ লোকসকলৰ পৰা। তথ্য অনুসৰি কেইবাগৰাকী লোকে মাটি বিক্ৰী কৰিও টকা দিয়াৰ তথ্য পোহৰলৈ আহিছে। জেংৰাই মুখ আৰক্ষীয়ে এই সন্দৰ্ভত এটা গোচৰ পঞ্জীয় কৰি সোধা পোছা অব্যাহত ৰাখিছে।

পুৱাই টকা বিচাৰি জেংৰাইমুখ থানাত ভিৰ মাজুলীৰ শতাধিক পুৰুষ মহিলাৰ...
মোডীৰ মন্ত্ৰীসভাত ৫ হাজাৰ কোটি টকীয়া সাংসদঃ পবিত্ৰ মাৰ্ঘেৰিটা দৰিদ্ৰৰ তালিকাত...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in