তেজস্বিতাৰ মৃত্যুৰ দণ্ডাধীশ পৰ্যায়ৰ অনুসন্ধান আৰম্ভ, মৃত্যুৰ প্রত্যক্ষদৰ্শীক বক্তব্য আগবঢ়োৱাৰ আহ্বান...

যোৱা ৫ অক্টোবৰত আকস্মিকভাৱে মৃত্যুক সাৱটি লয় মাজুলীৰ এগৰাকী প্ৰতিভাৱান কণ্ঠশিল্পী তেজস্বিতা বৰাই
majuli girl death
majuli girl death

ডিজিটেল ডেস্ক : যোৱা ৫ অক্টোবৰত আকস্মিকভাৱে মৃত্যুক সাৱটি লয় মাজুলীৰ এগৰাকী প্ৰতিভাৱান কণ্ঠশিল্পী তেজস্বিতা বৰাই। চিকিৎসালয়ৰ গাফিলতিৰ বাবে তেজস্বিতাই নিজৰ জীৱন ঘূৰাই নাপালে বুলি দাবী কৰিছিল পৰিয়ালৰ মৃত্যুৰ প্রত্যক্ষদৰ্শীয়ে।

তেজস্বিতাৰ মৃত্যুৰ দণ্ডাধীশ পৰ্যায়ৰ অনুসন্ধান ইতিমধ্যে আৰম্ভ কৰা হৈছে।অনুসন্ধানৰ দায়িত্ব অপৰ্ণ কৰা হৈছে মাজুলীৰ অতিৰিক্ত জিলা দণ্ডাধীশ ড০ সঞ্জীৱ কুমাৰ ফুকনক। তেজস্বিতাৰ মৃত্যুৰ প্রত্যক্ষদৰ্শী, দল-সংগঠনক বক্তব্য আগবঢ়োৱাৰো আহ্বান জনাইছে অতিৰিক্ত জিলা দণ্ডাধীশে।

মাজুলী জিলা দণ্ডাধীশৰ কাৰ্যালয়ত নিজৰ নিজৰ বক্তব্য লিপিবদ্ধ কৰিব পাৰিব। দিনৰ ১২ বজাৰ পৰা ৩ বজাৰ ভিতৰত বক্তব্য লিপিবদ্ধ কৰাৰ আহ্বান জনালে মাজুলীৰ অতিৰিক্ত জিলা দণ্ডাধীশে।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in