মাজুলীত খহনীয়াৰ তাণ্ডৱ; লুইতত জাহ গ’ল কোটিটকীয়া আঁচনি…

মাজুলীত খহনীয়াৰ তাণ্ডৱ; লুইতত জাহ গ’ল কোটিটকীয়া আঁচনি…

author-image
asomiyapratidin
New Update
মাকৰ পিণ্ড দিবলৈ গৈ ব্ৰহ্মপুত্ৰত সলিল সমাধি দুই জ্য়েষ্ঠ-কনিষ্ঠ ভাতৃৰ

ডিজিটেল সংবাদ, মাজুলী: বাৰিষা অহাৰ লগে লগে মাজুলীৰ আহঁতগুৰি ২০ খনকৈ গাঁৱৰ গঞাৰ পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হয়।বিগত বৰ্ষৰ দৰেই এই বছৰো বাৰিষা অহাৰ লগে লগেই গৰাখহনীয়াৰ তাণ্ডৱ আৰম্ভ হৈছে।

Advertisment

আহঁতগুৰিৰ হুতাৰ,ৰায়টি,মাজৰচাপৰিকে আদি কৰি কেইবাখনো গাঁৱ খহনীয়াত এফালৰ পৰা জাহ গৈছে ।
আহতগুৰিলৈ ব্ৰহ্মপুত্ৰৰ খহনীয়াই ভাবুকি কঢ়িয়াই আনিছে।

উল্লেখযোগ্য যে মাজুলীৰ মূল ভূ-খণ্ডৰ পৰা ভৌগোলিকভাৱে বিচ্ছিন্ন যাতায়ত যোগাযোগৰ কোনো সুচল নোহোৱা,মাজুলী জিলা প্ৰশাসন বা মন্ত্ৰী-বিধায়কে সহজে ঢুকি নোপোৱা দেৰগাঁৱৰ দাঁতি কাষৰীয়া এই অঞ্চলটোৰ ৰাইজৰ কৃষি আৰু দিন হাজিৰাই একমাত্ৰ সম্বল।

শেহতীয়াকৈ জলসম্পদ বিভাগে পাৰ্কুপাইনৰ আচনি ৰূপায়ন কৰিছিল যদিও সম্পূৰ্ণ হৈ নুথিল। ৩ কোটিটকীয়া আচনিত ভয়াবহ দুৰ্নীতি সংঘটিত হৈছিল । ঠিকাদাৰ সঞ্জীৱ শৰ্মাই কেইটামান পাৰ্কুপাইন পেলাই বিভাগৰ লগত মিলি । পৰিনতিত ভয়াবহ খহনীয়া অঞ্চলোট।

আৰু পঢ়ক: হাটশিঙিমাৰী প্ৰিমীয়াম লীগ সিজন-১ ৰ চূড়ান্ত খেল…

majuli erosion majuli