/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/05/majuli.png)
প্ৰতীকি ফটো
ডিজিটেল সংবাদ, মাজুলী: ঐতিহাসিক পুনিয়া সত্ৰৰ বৰভেটি ইতিমধ্যেই খহনীয়াত জাহ গ'ল। পিৰালিত ভয়াবহ খহনীয়া অব্যাহত। দুই এদিনতে জাহ যোৱাৰ উপক্ৰম নদীৰ বুকুত। আনহাতে মাজুলীৰ সুৰক্ষাৰ দায়িত্বত থকা ব্ৰহ্মপুত্ৰ বৰ্ডৰ বিষয়া অভিযন্তা এতিয়া কাৰ্যালয়ৰ শীত-তাপ নিয়ন্ত্ৰিত কোঠাত সোমাই ৰং চাইছে।
মাজুলীৰ ঐতিহাসিক দক্ষিনপাট আশ্ৰমী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামী, পুনিয়া সত্ৰৰ সত্ৰাধিকাৰ ৰঞ্জন মহন্ত, আধাৰ সত্ৰৰ সত্ৰাধিকাৰ মহেশ গোস্বামী পৰিস্থিতিৰ বুজ ল'বলৈ নতুন কমলাবাৰী স্থিত কাৰ্যালয়ত উপস্থিত হয়। কিন্তু যোৱা সাংবাদিক কেইজনক দেখি হঠাৎ খঙত অগ্নিশৰ্মা হৈ কেমেৰা বন্ধ কৰি বাহিৰলৈ উলিয়াই দিয়ে বিষয়া সকলে ।
শালমাৰত ঐতিহাসিক ৫ খন সত্ৰৰে চাৰিখন ইতিমধ্যে নদীৰ বুকুত জাহ গ'ল। অন্তিমখন সত্ৰ পুনিয়া সত্ৰৰ পিৰালিত এতিয়া ভয়াবহ খহনীয়া। অসহায় ব্ৰহ্মপুত্ৰ বৰ্ডৰ কাৰ্যবাহী অভিযন্ত্ৰাৰ নিলৰ্জ স্বীকাৰোক্তি- টি কে কোম্পানী পলাল আমি একো কৰিব নোৱাৰো। আনহাতে মাজুলী সুৰক্ষা তথা সত্ৰ সুৰক্ষা কৰিব নোবাৰিলে শীঘ্ৰেই সত্ৰাধিকাৰে আন্দোলনৰ হুংকাৰ প্ৰদান কৰিছে।
আৰু পঢ়ক: মাজুলী ৰাজহ চক্ৰ বিষয়াক কাৰ্যালয়ৰ ভিতৰতে ইটাৰে আক্ৰমন কৰাৰ চেষ্টা