হাজাৰ হাজাৰ সমৰ্থকক লগত লৈ মনোনয়ম পত্ৰ দাখিল ভূবন গামৰ

হাজাৰ হাজাৰ সমৰ্থকক লগত লৈ মনোনয়ম পত্ৰ দাখিল ভূবন গামৰ

author-image
asomiyapratidin
New Update
হাজাৰ হাজাৰ সমৰ্থকক লগত লৈ মনোনয়ম পত্ৰ দাখিল ভূবন গামৰ

ডিজিটেল ডেস্ক: মাজুলীৰ উপ নিৰ্বাচনৰ বতাহ গৰম হৈ পৰিছে। শাসক আৰু বিৰোধীয়ে প্ৰাৰ্থীত্ব ঘোষণা কৰাৰ পাছতে বুধবাৰে ৯৯ নং মাজুলী বিধান সভা সমষ্টি বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ভূৱন গামে মনোনয়ন পত্ৰ দাখিল কৰে।

Advertisment

মনোনয়ন পত্ৰ দাখিল কৰা ৰেলীত উপস্থিত থাকে মুখ্যমন্ত্ৰী ডo হিমন্ত বিশ্ব শৰ্মা, কেবিনেট মন্ত্ৰী ৰনোজ পেগু, বিমল বৰা, লক্ষীমপুৰ বিধায়ক মানৱ ডেকা, নৱ কুমাৰ দলে, ডিব্ৰুগড় বিধায়ক প্ৰশান্ত ফুকন,  অগপ সভাপতি কৃষি মন্ত্ৰী অতুল বৰাকে ধৰি কেইবাগৰাকীও নেতা।

তাৰপাছতে হাজাৰ হাজাৰ সমৰ্থকক লগত লৈ জিলা নিৰ্বাচনী বিষয়া কাৰ্যালয়ত ভুৱন গামে মনোনয়ন পত্ৰ দাখিল কৰে। উল্লেখ্য যে, ৭ মাৰ্চত মাজুলীত অনুষ্ঠিত হ'ব উপনিৰ্বাচন।

assam majuli