/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/10/aimuhurto-khabar.jpg)
ডিজিটেল সংবাদ, মাজুলী; মাজুলী ৰাজহ চক্ৰ বিষয়াক ইটাৰে আক্ৰমন কৰাৰ চেষ্টা। কাৰ্যলয়ৰ চৌহদতেই সংঘটিত হয় ভয়ংকৰ ঘটনা। বুধবাৰে সংঘটিত হয় এই ঘটনা।
মাজুলী ৰাজহ চক্ৰ বিষয়া জয়দ্বীপ ৰজকক আক্ৰমন কৰিবলৈ উদ্ৰত যদুমনি বৰা নামৰ এজন ব্যক্তিয়ে। মাটি বাৰী সক্ৰান্তীয় কাম কাজৰ বাবে মাতৃৰ সৈতে ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়লৈ হোৱা মাজুলী দেওদিয়াটী যদুমনি বৰাই কাৰ্যালয়ৰ চৌহদতে ইটা লৈ মাৰিবলৈ খেদি আহে।
লগে লগে আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে আটক কৰে যদুমনি বৰাক। ইয়াৰ পূৰ্বে মাটি বাৰী বিবাদ মিমাংসাৰ বাবে যোৱা লাট মণ্ডলক আক্ৰমন কৰিছিল।মণ্ডল অফিচৰ পৰা দিয়া পূৰ্বৰ গোচৰৰ ভিত্তি কমলাবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি গড়মূৰ আৰক্ষী সমজাই দিছে ।
আৰু পঢ়ক: চিৰাঙত চৰকাৰী আঁচনিৰ সফল ৰূপায়ন কৰাৰ স্বাৰ্থত জিলা উপায়ুক্তৰ বৈঠক…
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us