মাজুলীত অতিৰিক্ত উপায়ুক্তৰ কনভয়ৰ বাহনে খুন্দিয়ালে ছাত্ৰক, থিতাতে নিহত

মাজুলীত অতিৰিক্ত উপায়ুক্তৰ কনভয়ৰ বাহনে মহটিয়ালে দুই ছাত্রক। বৰগুৰি চাৰিআলিত শুকুৰবাৰে সংঘটিত হয় এই দুৰ্ঘটনা।

author-image
Asomiya Pratidin
New Update
মাজুলীত অতিৰিক্ত উপায়ুক্তৰ কনভয়ৰ বাহনে খুন্দিয়ালে ছাত্ৰক, থিতাতে নিহত

ডিজিটেল ডেস্কঃ মাজুলীত অতিৰিক্ত উপায়ুক্তৰ কনভয়ৰ বাহনে মহটিয়ালে দুই ছাত্রক। বৰগুৰি চাৰিআলিত শুকুৰবাৰে সংঘটিত হয় এই দুৰ্ঘটনা।

Advertisment

দুৰ্ঘটনাত থিতাতে নিহত এগৰাকী সপ্তম শ্রেণীৰ ছাত্র। নিহত ছাত্রগৰাকীৰ নাম অয়নজ্যোতি বনিয়া। গুৰুতৰভাৱে আহত মলয় নাথ নামৰ দশম শ্রেণীৰ আন এজন ছাত্র।

আহত ছাত্রজনক গড়মূৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। এই দুৰ্ঘটনাক কেন্দ্র কৰি চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ ঘটনাস্থলীত চিআৰপিএফ বাহিনীৰ জোৱান মোতায়ন কৰা হৈছে।

Also Read: কামাখ্য, আউনীআটিকে ধৰি গুৱাহাটীৰ ৭ ধৰ্মীয় স্থান সংযোগ কৰা হ'ব জলপথেৰে

Assam police