কামাখ্য, আউনীআটিকে ধৰি গুৱাহাটীৰ ৭ ধৰ্মীয় স্থান সংযোগ কৰা হ'ব জলপথেৰে

গুৱাহাটীৰ সাতটাকৈ ধৰ্মীয় স্থান জলপথৰ সৈতে সংযুক্ত কৰা হ'ব। বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ে বৃহস্পতিবাৰে এই তথ্য প্ৰদান কৰে

author-image
Asomiya Pratidin
New Update
কামাখ্য, আউনীআটিকে ধৰি গুৱাহাটীৰ ৭ ধৰ্মীয় স্থান সংযোগ কৰা হ'ব জলপথেৰে

ডিজিটেল ডেস্কঃ গুৱাহাটীৰ সাতটাকৈ ধৰ্মীয় স্থান জলপথৰ সৈতে সংযুক্ত কৰা হ'ব। বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ে বৃহস্পতিবাৰে এই তথ্য প্ৰদান কৰে। মন্ত্ৰালয়ে কয় যে ই আভ্যন্তৰীণ জলপথ বিকশিত কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।

Advertisment

ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণ (আইডব্লিউএআই), সাগৰমালা উন্নয়ন কোম্পানী লিমিটেড (এছডিচিএল), অসম পৰ্যটন উন্নয়ন নিগম লিমিটেড (এটিডিচি) আৰু আভ্যন্তৰীণ জল পৰিবহণ সঞ্চালকালয়ে শুকুৰবাৰে ব্ৰহ্মপুত্ৰ নদীত 'নদী-আধাৰিত পৰ্যটন চাৰ্কিট'ৰ বাবে এক বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিব।

জানিব পৰা মতে সাগৰমালা কাৰ্যক্ৰমৰ অধীনত প্ৰাৰম্ভিক ব্যয় ৪০-৫০ কোটি টকাত এই প্ৰকল্পৰ কাম আৰম্ভ হ'ব। আইডব্লিউএআই আৰু এছডিচিএলে যুটীয়াভাৱে এই প্ৰকল্পত ৫৫ শতাংশ অৰিহনা দিব।

এই প্ৰকল্পৰ অধীনত গুৱাহাটীত অৱস্থিত সাতটা ঐতিহাসিক মন্দিৰ- কামাখ্যা, পাণ্ডুনাথ, অশ্ৱক্লান্ত, দৌল গোবিন্দ, উমানন্দ, চক্ৰেশ্বৰ আৰু আউনীআটি সত্ৰ সংযোগ কৰা হ'ব। উল্লেখ্য যে, এই প্ৰকল্পটোৱে পৰ্যটনক্ষেত্ৰত যথেষ্ঠখিনি অৰিহনা আগবঢ়াব।

brahmaputra