/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/dc4c48e9-2fa4-404a-b469-cd981a8ba72b/transfer.jpg)
ডিজিটেল ডেস্ক : সমগ্ৰ ৰাজ্য কপাই যোৱা জোনমণি ৰাভাৰ মৃত্যুৰ পিছতেই নগাঁও আৰক্ষীত বৃহৎ ৰদবদলৰ নিৰ্দেশ নগাঁওৰ আৰক্ষী অধীক্ষক লীনা দ'লেৰ । কনিষ্টবল পৰ্যায়ৰ ১৪৮ গৰাকী আৰক্ষীক তৎকালীনভাৱে স্থানান্তৰ কৰোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম আৰক্ষীয়ে ।
অসম আৰক্ষী আইন, ২০০৭ৰ ৪৬ নং দফাৰ অধীনত গ্ৰহণ কৰা এই সিদ্ধান্তৰ পাছত জিলাখনৰ ভিতৰতেই ৰদবদল কৰা হৈছে আৰক্ষীসকলক । এই সন্দৰ্ভত আৰক্ষী অধীক্ষক লীনা দ'লেই ১৭ মে'ত জাৰী কৰা এক নিৰ্দেশনা ইতিমধ্যে সামাজিক আৰু সংবাদ মাধ্যমত প্ৰকাশ হোৱা প্ৰত্যক্ষ কৰা হৈছে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/ccb5afcf-0561-4abf-b1ca-4bc68e86fbd4/Screenshot__349_.png)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/ebed4ce5-8678-4645-8c61-385efc721a5f/Screenshot__348_.png)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/188980cb-8d02-4f74-b4e2-cd790a5ab3d2/Screenshot__350_.png)
উল্লেখ্য যে, জোনমণি ৰাভাৰ মৃত্যুৰ পাছত হোৱা এই ৰদবদলে এক গুৰুত্বপূৰ্ণ ইংগিত বহন কৰিছে নেকি সেই সন্দৰ্ভতো প্ৰশ্ন উত্থাপন হৈছে এতিয়া সচেতন মহলত ।