তিনি দিনীয়া কাৰ্যসূচীৰে লামডিঙত "মজদুৰ ইউনিয়ন" ৰ কাৰ্যকৰী সমিতিৰ সভা

তিনি দিনীয়া কাৰ্যসূচীৰে লামডিঙত "মজদুৰ ইউনিয়ন" ৰ কাৰ্যকৰী সমিতিৰ সভা

ডিজিটেল সংবাদ, লামডিংঃ - ৰেল বিভাগলৈ সুখবৰ। চলিত বৰ্ষৰ আগষ্ট মাহলৈ সম্পূৰ্ণ হৈ উঠিব বৈদ্যুতিক ৰেল চলাচল।উত্তৰ পূব সীমান্তৰ প্ৰতিখন ৰাজ্যৰ লগতে বহিঃৰাজ্যৰ সৈতে সংযোগ কৰিবলৈ নতুন কৈ আৰু ৰেল সংযোগ কৰিব ৰেল বিভাগে।

আনফালে দীৰ্ঘদিনীয়া সমস্যাৰ অন্ত পেলাই অতি শীঘ্ৰেই লামডিং ৰেলৱে চিকিৎসালয়ত চিকৎসক নিযুক্তি দিয়াৰ লগতে উন্নত মানৰ কৰাৰো পৰিকল্পনা কৰিছে ৰেল বিভাগে । আগন্তুক আগষ্ট মাহত নিৰ্মাণ হৈ উঠিব লামডিং ৰেলৱে পদদলং সমূহ - এই কথা সদৰি কৰিলে উত্তৰ পূব ৰেলৱে সীমান্তৰ মহা প্ৰৱন্ধ গৰাকীয়ে ।

তিনি দিনীয়া কাৰ্যসূচীৰে লামডিঙত অনুষ্ঠিত হোৱা লামডিং শ্ৰমিক সংগঠন "মজদুৰ ইউনিয়ন" ৰ সমিতিৰ সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত আছিল মহা প্ৰবন্ধক গৰাকী ৷ মজদুৰ ইউনিয়ন লামডিং শাখাৰ উদ্যোগত দেওবাৰৰ পৰা অনুষ্ঠিত হোৱা এই সভাৰ মূল উদেশ্য আছিল নতুন পেঞ্চন নীতি বাতিল আৰু পুৰনা পেঞ্চন নীতিক পুনৰ কাৰ্যকাৰী কৰা ৷

ৰেলৱে শ্ৰমিক সংগঠন আৰু All India Railwaymen's Federation য়ে এতিয়াও প্ৰচেষ্টা চলাই আছে আৰু চৰকাৰক বাৰম্বাৰ নতুন পেঞ্চন নীতি বাতিল কৰিবলৈ হুংকাৰ প্ৰদান কৰি গৈছে ৷ মহা প্ৰবন্ধক গৰাকীৰ উপস্থিতি All India Railwaymen's Federation সহ সাধাৰণ সম্পাদক গৰাকীয়ে কেন্দ্ৰীয় চৰকাৰক কঠোৰ সমালোচনা কৰি কয় যে এই চৰকাৰখন সাধাৰণ ৰাইজৰ চৰকাৰ নহয় ।

এই চৰকাৰ ৰাইজে গঠন কৰা চৰকাৰ নহয় এই চৰকাৰ গঠন কৰিছে ইভিএম মেচিন সমূহে । চৰকাৰে যেনেকৈ বিচাৰিছে তেনেকৈয়ে ইভিএমে কাম কৰি আছে । আনফালে নিৰ্বাচনৰ আগমূহুৰ্ত যদি ৰেলৱে শ্ৰমিকৰ দাবী মানি নলয় তেনেহলে নিৰ্বাচনত ইয়াৰ প্রত্যুত্তৰ দিবলৈ সাজু আছে বুলি মন্তব্য কৰে সংগঠনৰ নেতাই ৷

তিনি দিনীয়া কাৰ্যসূচীৰে লামডিঙত "মজদুৰ ইউনিয়ন" ৰ কাৰ্যকৰী সমিতিৰ সভা
মহানগৰীত যুৱতীক অপহৰণৰ অপচেষ্টা দুৰ্বৃত্তৰ, বিলাসী বাহনেৰে মহটিয়াই নিলে যুৱকক

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in